/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/9fa3ae59-8e19-48c1-9a98-bb05e1f46c03.jpg)
ডিজিটেল ডেস্ক: ২০২২ চনৰ দিল্লী নগৰ নিগম নিৰ্বাচনৰ ৪ দিন পূৰ্বে দিল্লীৰ ৭ জন জন সাংসদে পদযাত্ৰা উলিয়াই। ইয়াৰ মাজতে পূৱ দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰে আম আদমী পাৰ্টিক কটাক্ষ কৰি মন্তব্য কৰে।
কেইদিনমান পূৰ্বে আপে কৈছিল যে গৌতম গম্ভীৰক সাংবিধানিক ক্ষেত্ৰখনতকৈ ক্ৰিকেটৰ কমেন্টাৰী কৰা বেছিকৈ দেখা যায়। এই কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৰাকীয়ে কয় যে "যেতিয়া দিল্লী ডুব গৈ আছিল তেতিয়া মই নহয়, অৰবিন্দ কেজৰিৱালে বিপাসনা কৰিবলৈ গৈছিল। যেতিয়া দিল্লীত প্ৰদূষণৰ বাবে শিশু সকলক বিদ্যালয় বন্ধ দিয়া হৈছিল তেতিয়া কেজৰিৱালে গুজৰাট-হিমাচলত গৈ প্ৰচাৰ চলাই আছিল। গৌতম গম্ভীৰে লগতে কয়, "মুখ্যমন্ত্ৰী নাম লোৱাটো অতি ভুল,অৰবিন্দ কেজৰিৱাল দিল্লীৰ প্ৰচাৰ মন্ত্ৰী।"
সাংসদ গৌতম গম্ভীৰে কয় যে বিজেপিৰ লক্ষ্য কেৱল জনসাধাৰণৰ সেৱা কৰা। সেয়াও নিষ্ঠা আৰু সততাৰে। মানুহে জানে যে যোৱা ১৫ বছৰত এমচিডিত বিজেপিয়ে কি কৰিছে। আমি ফোঁপোলা প্ৰচাৰ নকৰো বা প্ৰচাৰৰ বাবে সংবাদ মাধ্যমত লাখ টকা নিদিওঁ।
উল্লেখ্য যে, এমচিডিত ২৫০ খন আসনৰ বাবে ৪ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ফলাফল ৭ ডিচেম্বৰত ঘোষণা হ'ব।
আৰু পঢ়ক: কাটাৰ বিশ্বকাপঃ জয়ৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ সন্মুখত ডেনমাৰ্ক...