কাটাৰ বিশ্বকাপঃ জয়ৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ সন্মুখত ডেনমাৰ্ক...

অষ্ট্ৰেলিয়াই খেলা দুখন মেচৰ অন্তত এখনত জয়লাভ কৰাৰ বিপৰিতে আনখন মেচত পৰাজয়বৰণ কৰিছে

author-image
Asomiya Pratidin
New Update
কাটাৰ বিশ্বকাপঃ জয়ৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ সন্মুখত ডেনমাৰ্ক...

জয়ৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ সন্মুখত ডেনমাৰ্ক...

ডিজিটেল ডেস্কঃ বিশ্বৰ ফুটবল অনুৰাগী এতিয়া ফুটবলত জ্বৰত আক্ৰান্ত। ফুটবল মানেই যেন আনন্দ,উন্মাদনা,উৎকণ্ঠাৰ পয়োভৰ। কাটাৰত অনুষ্ঠিত হৈছে বিশ্বকাপ ফুটবল।

Advertisment

অনুৰাগীৰ পাৰভগা উৎসাহ-উদ্দীপনা। প্ৰতিখন মেচতে উৎসুকতা। বিশ্বৰ ৩২ খন দেশে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰতিটো দলৰে প্ৰদৰ্শন যেন সৰ্বাংগ সুন্দৰ। খেলৰ শেষ মুহুৰ্তলৈকে খেলুৱৈ সকলৰ যুজাঁৰু মানসিকতা ।

বুধবাৰে অনুষ্ঠিত হ'বলগীয়া এখন মেচত অংশগ্ৰহণ কৰিব অষ্ট্ৰেলিয়া আৰু ডেনমাৰ্কে। উল্লেখ্য যে, গ্ৰুপ তালিকাত অষ্ট্ৰেলিয়াৰ স্থান দ্বিতীয় আনহাতে ডেনমাৰ্ক আছে তৃতীয় স্থানত। বৰ্তমানলৈকে অনুষ্ঠিত হোৱা দুখন মেচৰ দুয়োখনতে জয়লাভ কৰি শীৰ্ষ স্থান অক্ষুন্ন ৰাখিছে ফ্ৰান্সে।

অষ্ট্ৰেলিয়াই খেলা দুখন মেচৰ অন্তত এখনত জয়লাভ কৰাৰ বিপৰিতে আনখন মেচত পৰাজয়বৰণ কৰিছে। ইফালে ডেনমাৰ্কে এখন মেচ ড্ৰ খেলাৰ বিপৰিতে আনখনত পৰাজয়বৰণ কৰিছে। পৰিসংখ্যাৰ দিশৰ পৰা আজিৰ মেচখনত অষ্ট্ৰেলিয়া ডেনমাৰ্কতকৈ এখোজ আগুৱাই আছে।

আৰু পঢ়কঃ চৰকাৰী চাকৰি আৰু বেচৰকাৰী চাকৰিৰ মাজত নাথাকিব প্ৰাৰ্থক্য ! কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম...

fifa world cup FIFA