TRPৰ বাবে মোৰ আৰু কোহলীৰ সম্পৰ্ক ৰাজহুৱা কৰা প্ৰয়োজন নাইঃ গৌতম গম্ভীৰ...

TRPৰ বাবে মোৰ আৰু কোহলীৰ সম্পৰ্ক ৰাজহুৱা কৰা প্ৰয়োজন নাইঃ গৌতম গম্ভীৰ...

author-image
Asomiya Pratidin
New Update
TRPৰ বাবে মোৰ আৰু কোহলীৰ সম্পৰ্ক ৰাজহুৱা কৰা প্ৰয়োজন নাইঃ গৌতম গম্ভীৰ...

ডিজিটেল ডেস্কঃ সোমবাৰে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে গৌতম গম্ভীৰে। দায়িত্বভাৰ লৈয়েই এখন সংবাদমেল সম্বোধন কৰে গম্ভীৰে। এই সংবাদমেলত মুখ্য প্ৰশিক্ষকগৰাকীৰ সৈতে উপস্থিত আছিল ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰো।

Advertisment

এই সংবাদমেলত গৌতম গম্ভীৰক বিৰাট কোহলী আৰু তেওঁৰ মাজত থকা সম্পৰ্কক লৈ প্ৰশ্ন কৰিছিল। গম্ভীৰে উক্ত প্ৰশ্নটোৰ অতি কায়দাৰে উত্তৰ প্ৰদান কৰে। গম্ভীৰে কয়- কোহলীৰ সৈতে মোৰ সম্পৰ্ক টি আৰ পিৰ বাবে নহয়। খেলপথাৰৰ বাহিৰত আমাৰ সম্পৰ্ক খুবেই ভাল। এই সকলোবোৰ ৰাজহুৱা কৰাৰ প্ৰয়োজন নাই। এই সময়ত আমি দুয়ো এখন দেশক প্ৰতিনিধিত্ব কৰো। আমি ১৪০কোটি ভাৰতীয়ক প্ৰতিনিধিত্ব কৰি দলত আছো।

উল্লেখ কৰা প্ৰয়োজন যে, আই পি এলত গৌতম গম্ভীৰ আৰু বিৰাট কোহলীৰ মাজত তীব্ৰ তৰ্কাতকি হোৱা দেখা গৈছিল। অৱশ্যে তাৰ পিছতে শ্ৰীলংকাৰ সৈতে হোৱা ৱানডে মেচত দুয়োকে একেলগে দেখা গৈছিল। ইফালে কোহলীৰ সৈতে সম্পৰ্কক লৈ আজিৰ সংবাদমেলত গম্ভীৰে লগতে কয় যে,  সকলোৰে ওচৰত ভাৰতীয় জাৰ্চি পিন্ধি খেলাৰ অধিকাৰ আছে। এইটো গুৰুত্বপূৰ্ণ নহয় যে, মেচৰ আগত বা মেচ হৈ হোৱা পাছত আমি কি আলোচনা বা কথা পাতিলো।

সংবাদমেলৰ শেষত তেওঁ লগতে কয়, বিৰাট কোহলী এগৰাকী সুদক্ষ আৰু নিপুণ খেলুৱৈ। মই আশা কৰিম তেওঁৰ খেল এনেদৰেই প্ৰদৰ্শন কৰি থাকে। আজিৰ সংবাদমেলখনত সাংবাদিকে গম্ভীৰক ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া, সুৰ্যকুমাৰ যাদৱ, ঋষভ পন্ট আৰু ৰবীন্দ্ৰ জডেজাক লৈও প্ৰশ্ন কৰিছিল যদিও এইবোৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিলে গম্ভীৰে।

Also Read: APSC কেলেংকাৰীৰ ৰায়দানঃ ৰাকেশ পাল সহ ৩২জনক দোষী সাব্যস্ত, ১০বছৰৰ কাৰাদণ্ড...

গৌতম গম্ভীৰ