/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b0468b9b-d857-4863-b8c1-a8be290f53eb/252a3d35-4679-4856-bfb6-3248f233c490 (1).jpg)
ডিজিটেল ডেস্কঃ টকাৰ খকত কৃতী শিক্ষাৰ্থীক বঞ্চিত কৰি এচামক বক্ৰপথেৰে এ পি এছ চিৰ পৰীক্ষাত উৰ্ত্তীণ কৰোৱা ৰাকেশ পাল বাহিনীক দোষী সাব্যস্ত কৰিলে আদালতে। মঙলবাৰে আদালতে এ পি এছ চিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলংকাৰীতৰ সৈতে জড়িত ৪৩গৰাকী অভিযুক্তৰ ভিতৰত ৩২গৰাকী দোষী সাব্যস্ত কৰে। আনহাতে উপযুক্ত প্ৰমাণৰ অভাৱত ১১গৰাকী দোষমুক্ত ঘোষণা কৰে বিশেষ ন্যায়াধীশ আদালতে।
বিশেষ ন্যায়াধীশৰ আদালতে মুল অভিযুক্ত হিচাপে ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমানৰ সৈতে মুঠ ৩২গৰাকীক দোষী সাব্যস্ত কৰে। আনহাতে দোষমুক্ত কৰা ১১গৰাকীৰ ভিতৰত ৬ গৰাকী প্রাৰ্থী আৰু ৫গৰাকী মধ্যভোগী। দোষমুক্ত ঘোষণা কৰা সকল হৈছে- বিকাশ পিন্সা, কৌশিক কলিতা, কুণাল দাস, জ্যোতিবন দত্ত, ফিৰোজ, বিউতি গগৈ, শৈজালী জোহৰী, ধৃতিমান ৰয়, মৌচুমী শইকীয়া, মোশ্বাৰফ হুছেইন। ইয়াৰে দালালৰ অভিযোগত অভিযুক্ত আছিল কৌশিক কলিতা আৰু কুণাল দাস।
উল্লেখ কৰা প্ৰয়োজন যে, আদালতে দোষী সাব্যস্ত কৰিলেও ২০২৩ৰ ২৫মাৰ্চত জামিন লাভ কৰিছিল আদালতে। বৰ্তমান আদালতৰ পৰাই জেললৈ যাব লাগিব এই দোষী ৩২গৰাকী ব্যক্তি। দোষী সাব্যস্ত সকলোকে ১০বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছে আদালতে।