/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/80ae070c-2b22-46a6-80e6-666709d767c5/kotiswa1r.jpg)
মানকাচাৰত উপস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ
ডিজিটেল ডেস্কঃ একাধিক কাৰ্যসূচী হাতত লৈ মানকাচাৰত উপস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ এন কতিশ্বৰ সিং। শনিবাৰে বিয়লি জিলাখনত উপস্থিত হৈছে জ্যেষ্ঠ ন্যায়াধীশ এন কতিশ্বৰ সিঙকে ধৰি ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আৰু অসম প্ৰদেশ আইন সাহায্য প্ৰাধিকাৰীৰ সদস্য সচিব নয়ন শংকৰ বৰুৱাসহ সজাতি দলটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ed6f29a6-9e56-49f4-8e19-ce67e81670fb/kotiswar2.jpg)
সজাতি দলটোৱে শনিবাৰে সন্ধিয়া হাটশিঙিমাৰী উকীল সন্থাৰ সৈতে মত বিনিময় কৰে বুলি সংবাদ মাধ্যমৰ সন্মুখত জনায়। দলটোৱে উল্লেখ কৰে যে, মত বিনিময় কাৰ্যসূচীৰ পিছদিনা অন্যতম কাৰ্যসূচী হিচাপে দলটিয়ে মানকাচৰৰ সাহাপাৰা ভাৰত বাংলাদেশ সীমান্ত দেওবাৰে পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত সীমান্তৰ গেটেৰে No Men's Land ত উপস্থিত হৈ বাংলাদেশ সীমান্তৰ বুজ লয় বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/cfa78ae2-851a-4c6d-ba23-49d3802ae91b/kotiswar.jpg)
আনহাতে উক্ত কাৰ্যসূচীৰ পাছতে মানকাচৰত আইন সাহায্য কোষ মুকলি কৰে। সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়া অনুসৰি দলটোৱে মানকাচৰস্থিত কামাখ্যা মন্দিৰত দেৱীৰ আশীষ লৈ ২০১১ চনত বৰাইবাৰীত বাংলাদেশক ৫৭১ বিঘা ভূমি গতাই দিয়া বিতৰ্কিত সীমান্ত পৰিদৰ্শন কৰিব। ইয়াৰোপৰি হাটশিঙিমাৰী প্ৰেক্ষাগৃহত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি শিশুৰ যৌন আইন সন্দৰ্ভত আলোচনা কৰিব বুলি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ded02695-72c0-46de-b661-fe202e3b17f9/kotiswar1.jpg)
আৰু পঢ়কঃ বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক আনিলে গুৱাহাটীলৈ