/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b0907432-d6e5-4ee4-bb7b-ab3c5a26b056/AP_FOR_WEB_deepor_beel_.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ মুখ থেকেচা। শুকুৰবাৰে দীপৰবিলৰ পক্ষী অভয়াৰণ্যৰ মৰ্যাদা আঁতৰোৱাৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
অসম কেবিনেটৰ এক সিদ্ধান্তক হস্তক্ষেপ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠৰ এই নিৰ্দেশনা প্ৰদান কৰে। যাৰ ফলত এতিয়া কোনো কাৰণতে দীপৰবিলৰ পক্ষী অভয়াৰণ্যৰ মৰ্যাদা আঁতৰাব নোৱাৰিব চৰকাৰে।
উল্লেখ্য যে কিছুদিন পূৰ্বে কেবিনেটত এই সিদ্ধান্ত লৈছিল অসম চৰকাৰে। দীপৰবিলৰ সমান্তৰালকৈ পবিতৰাৰো অভয়াৰণ্যৰ মৰ্যাদা আঁতৰোৱাৰ সিদ্ধান্ত লৈছিল অসম কেবিনেটে। পবিতৰাৰ ক্ষেত্রত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছিল স্থগিতাদেশ। ইয়াৰ পিছতে দীপৰ বিলৰ ক্ষেত্রতো এই স্থগিতাদেশ জাৰি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
ইপিনে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰে কোনো ধৰণৰ মৰ্যাদা আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ প্ৰট’কল আৰু আইনী বিধিসমূহ মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ২০০৯ চনত অভয়াৰণ্যখন প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা পদ্ধতিগত তদাৰকীৰ সমাধানৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাৰ ৰূপৰেখা উচ্চ ন্যায়ালয়ক দাখিল কৰে।
Also Read: বিকল এস্কেলেটৰ, লিফ্টঃ ভালুকৰ সাঙিলৈ পৰিণত গণেশগুৰিৰ ফুট অভাৰব্ৰীজ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us