বিকল এস্কেলেটৰ, লিফ্টঃ ভালুকৰ সাঙিলৈ পৰিণত গণেশগুৰিৰ ফুট অভাৰব্ৰীজ

বিকল এস্কেলেটৰ, লিফ্টঃ ভালুকৰ সাঙিলৈ পৰিণত গণেশগুৰিৰ ফুট অভাৰব্ৰীজ

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত উৰণীয়া সেতুৰ সমান্তৰালকৈ এখনৰ পিছত এখনকৈ নিৰ্মাণ কৰা হৈছে ফুট অভাৰব্ৰীজ। অত্যাধুনিক সুবিধাসম্পন্ন এই ফুট অভাৰ ব্ৰীজসমূহৰ প্ৰয়োজনীয়তা নথকা নহয়। লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এই ফুট অভাৰব্ৰীজসমূহ কিন্তু এতিয়া ভালুক সাঙিলৈহে পৰিণত হৈছে। কিয়নো এইসমূহ ফুট অভাৰ ব্ৰীজত সংলগ্ন কৰা এস্কেলেটৰ আৰু লিফ্টসমূহৰ বিকল হৈ পৰিছে।

তেনে এখন ফুট অভাৰ ব্ৰীজ হৈছে গণেশগুৰিত থকা ফুট অভাৰব্ৰীজ। সদাব্যস্ত গণেশগুৰিত থকা এই ফুট অভাৰ ব্ৰীজখনৰে প্ৰতি মুহূৰ্ততে মানুহ ইপাৰ-সিপাৰ হৈ থাকে যদিও এই ফুট অভাৰ ব্ৰীজখনৰ লিফ্ট আৰু দুয়ো ফালক এস্কেলেটৰ বিকল হৈ আছে। ফলশ্ৰুতিত বিপদত পৰিছে এই এস্কেলেটৰ ব্যৱহাৰ কৰা লোকসকল। কিয়নো বিকল এস্কেলেটৰে উঠিবলৈ বা নামিবলৈ যথেষ্ট অসুবিধা হয়। জ্যেষ্ঠ নাগৰিকে এই ফুট অভাৰব্ৰীজেৰে ইপাৰ-সিপাৰ হ'বলৈ দহ বাৰ ভাবিবলগীয়া হয়।

আন্তঃগাঁথনি উন্নয়নৰ নামত শাসকীয় চৰকাৰে গুৱাহাটীত যিদৰে ধন ব্যয় কৰিছে সেই ধন ব্য়য় কৰাৰ পাছতো অত্যাধুনিক এস্কেলেটৰ, লিফ্ট আদি যদি ৰাইজে ব্যৱহাৰেই কৰিব নোৱাৰে তেনে ইমান ধন ব্যয় কৰি সেইবোৰ লগোৱাৰ প্ৰয়োজনেই বা কি? কেৱল চমক সৃষ্টি কৰি এনেধৰণৰ অভাৰ ব্ৰীজ নিৰ্মাণ কৰাৰ সমান্তৰালকৈ এইসমূহৰ সুৰক্ষা আৰু সঠিক ব্যৱহাৰ তথা পৰিচালনাৰ ব্যৱস্থাপনাও নিশ্চিত কৰাতো প্ৰয়োজন। সেইদৰে এইসমূহ ব্যৱহাৰ কৰা লোকসকলেও ইয়াৰ সঠিক ব্যৱহাৰৰ বিষয়ে চিন্তা কৰিব লাগিব।

ৰাজহুৱা সম্পত্তি হ'ল বুলিয়েই সেইবোৰত গুটখা খাই পিক পেলোৱাকে ধৰি নকৰিবলগীয়া কাৰ্যবোৰ এৰি চলিব লাগিব। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী তথা সংশ্লিষ্ট বিষয়াই এই সমূহৰ বিষয়ে দৃষ্টি ৰখাটো প্ৰয়োজন। অন্যথা ৰাজহুৱা ধন ব্যয় কৰি নিৰ্মাণ কৰা এই ফুট অভাৰ ব্ৰীজসমূহে কেৱল গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ পৰিৱৰ্তে উন্নয়নৰ নামত চলি থকা ভেকুভাওনাক নাঙঠ ৰূপত তুলি ধৰিব।

বিকল এস্কেলেটৰ, লিফ্টঃ ভালুকৰ সাঙিলৈ পৰিণত গণেশগুৰিৰ ফুট অভাৰব্ৰীজ
এইবাৰ ৰে'লৰ পৰা উদ্ধাৰ বাৰ্মিজ চুপাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in