গড়গাঁও মহাবিদ্যালয়ৰ উদ্যোগত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস উদযাপন...

গড়গাঁও মহাবিদ্যালয়ৰ উদ্যোগত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস উদযাপন...

ডিজিটেল সংবাদ, শিৱসাগৰঃ গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু ইক' ক্লাবৰ সহযোগত ৩১মে'ত নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস উদযাপন কৰা হয়। ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক- কৰ্মচাৰী সকলক ধঁপাতমুক্ত জীৱন যাপন কৰিবলৈ তথা সমাজৰ আন ব্যক্তিক উৎসাহিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

কাৰ্যসূচীৰ আৰম্ভণিতে নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তুলসী কোঁৱৰে এই কাৰ্যসূচীৰ সকলো অংশগ্ৰহণকাৰীক আদৰণি জনায়। কাৰ্যসূচীৰ আৰম্ভণিতে গড়গাওঁ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া আৰু ইক' ক্লাৱৰ সমন্বয়ক ড০ ৰিমঝিম বৰাই বিশ্ব ধঁপাত নিষিদ্ধ দিৱসৰ তাৎপৰ্য আৰু ধঁপাত সেৱনৰ স্বাস্থ্যজনিত ক্ষতিকাৰক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। ড° বৰাই অন্তৰ্দৃষ্টিসম্পন্ন উদ্বোধনী ভাষণত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ধঁপাত সেৱনৰ বিৰুদ্ধে যুঁজ দিয়াৰ মানসিকতা গঠনৰ বাবে জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰাক্তন স্বেচ্ছাসেৱক কৌস্তভ চেতিয়াই এই অনুষ্ঠানৰ সমল ব্যক্তি ৰূপে এক আকৰ্ষণীয় আৰু তথ্যসমৃদ্ধ ভাষণ প্ৰদান কৰে। তেওঁ ধঁপাত সেৱনৰ লগত জড়িত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে বিশদভাৱে কয়, য’ত কেন্সাৰ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, হৃদযন্ত্ৰৰ সমস্যা আদিও অন্তৰ্ভুক্ত কৰা হয়। তেওঁ ধঁপাত আসক্তিৰ সামাজিক আৰু অৰ্থনৈতিক পৰিণতিৰ বিষয়েও আলোচনা কৰি ধূমপান এৰি কেনেকৈ ধঁপাতমুক্ত হৈ থাকিব পাৰি তাৰ বাবে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়ায়। তেওঁৰ ভাষণে অংশগ্ৰহণকাৰী ছাত্ৰীসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল।

এই কাৰ্যসূচীত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকল,নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষক- কৰ্মচাৰীয়ে সক্ৰিয় অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত সকলো অংশগ্ৰহণকাৰীয়ে ধঁপাত সেৱনৰ পৰা বিৰত থকাৰ লগতে ধঁপাত সেৱনৰ পৰা হোৱা সমস্যাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে শপত গ্ৰহণ কৰে।

অনুষ্ঠানটিৰ সমল ব্যক্তি গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন স্বেচ্ছাসেৱক কৌস্তভ চেতিয়া আৰু অন্যান্য স্বেচ্ছাসেৱক -বিশ্বজিৎ দত্ত, জাহ্নৱী ফুকন, জাহান আলী, ৰাহুল বাইলুং, টেণ্ডন বৰগোহাঁই, মানস প্ৰতিম কলিতা, পাৰ্থ প্ৰতিম সৌকাধৰা, অপূৰ্ব শইকীয়া, জিন্টু মেছ, অংকিতা দত্ত, অৰবিন্দ সিং যাদৱ আৰু মানব জ্যোতি দাসে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত- বিনিময় কৰে।

অনুষ্ঠানটি সফলতাৰে সম্পন্ন হোৱা বাবে ড° ৰিমজিম বৰাই সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰে। বিশিষ্ট নিবন্ধকাৰ ,কবি তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যাসচী মহন্তই ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে অনুষ্ঠিত কৰা এই সময়োপযোগী ধুমপান বিৰোধী সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা বাবে ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে আৰু এই পদক্ষেপৰ বাবে শলাগ লয়।

গড়গাঁও মহাবিদ্যালয়ৰ উদ্যোগত বিশ্ব ধঁপাত নিষিদ্ধ দিৱস উদযাপন...
হাটশিঙিমাৰীত বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে শোভাযাত্ৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in