হাটশিঙিমাৰীত বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে শোভাযাত্ৰা...

হাটশিঙিমাৰীত বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে শোভাযাত্ৰা...

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰীত বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে শোভাযাত্ৰা...

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ শুকুৰবাৰে বিশ্ব ধঁপাত বিৰোধী দিৱস। দেশ তথা ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো আজি জিলা স্বাস্থ্য বিভাগৰ পৰা ধঁপাত বিৰোধী দিৱস উদযাপন কৰা হয়।

Advertisment

বিশেষকৈ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা যুটীয়া সেৱা স্বাস্থ্য সঞ্চালকৰ উদ্ধোগত জিলাখনৰ শতাধিক স্বাস্থ্য কৰ্মী আজি দিনৰ প্ৰায় ২বজাত হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ এক বিশাল শোভাযাত্ৰা উলিয়ায়। জিলাখনৰ নৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ লোক ধঁপাত পৰিত্যাগ কৰি নিজৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিবলৈ এই শোভাযাত্ৰাৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰা হয়।

Also Read: মানকাচৰত দুৰ্ঘটনাঃ থিতাতে নিহত এজন, আহত তিনি

world no tobacco day south salamara