দক্ষিণপাট পঞ্চায়ত কাৰ্যালয়ত বিশেষ গাওঁ সভা সম্পন্ন

স্থানীয় বহুকেইজন লোক উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
দক্ষিণপাট পঞ্চায়ত কাৰ্যালয়ত বিশেষ গাওঁ সভা সম্পন্ন

দক্ষিণপাট পঞ্চায়ত কাৰ্যালয়ত বিশেষ গাওঁ সভা সম্পন্ন

ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও সদৰ সমষ্টিৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ দক্ষিণপাট গাওঁ পঞ্চায়তৰ উদ্যোগত দক্ষিণপাট পঞ্চায়ত কাৰ্যালয়ত শুকুৰবাৰে দুপৰীয়া অনুষ্ঠিত হয় এখনি বিশেষ গাওঁসভা ৷ দক্ষিণপাট গাওঁ পঞ্চায়তৰ সভাপতি যুগপ্ৰসাদ বৰদলৈয়ে সভাপতিত্ব কৰা সভাখনিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ প্ৰস্তুতিকৰণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ৷

Advertisment

সভাত বহুকেইটা উন্নয়নমূলক তথা গঠনমূলক আলোচনাৰে পঞ্চায়তৰ অন্তৰ্গত আৱাসীৰ সকলো প্ৰকাৰে উন্নয়নৰ বাবে কেনে ধৰণে চৰকাৰী আচঁনি সমূহৰ দ্বাৰা সেৱা আগবঢ়াব পাৰি সেই সন্দৰ্ভতো উপস্থিত পঞ্চায়তৰ সদস্য সকলে আলোচনা কৰে।

সভাত দক্ষিণপাট পঞ্চায়ত কাৰ্যালয়ৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া ৰাজীৱ দাস,কনিষ্ঠ অভিযন্তা দিপালী দেৱী, পঞ্চায়তৰ ওৱাড মেম্বাৰ সকল ক্ৰমে-জিতুমনি হাজৰিকা,বিনোদ দাস,জিতুমনি দাসকে ধৰি স্থানীয় বহুকেইজন লোক উপস্থিত থাকে ৷

আৰু পঢ়কঃ ঢকুৱাখনাৰ এখন প্ৰাথমিক বিদ্যালয়ে উদঙাইছে শিক্ষা বিভাগৰ নগ্ন স্বৰূপ...

assam Bebejia