কচুৱাত নিচাযুক্ত সামগ্ৰী জব্দ, আটক মহিলা সহ ৩ জন

কচুৱাত নিচাযুক্ত সামগ্ৰী জব্দ, আটক মহিলা সহ ৩ জন

author-image
Asomiya Pratidin
New Update
কচুৱাত নিচাযুক্ত সামগ্ৰী জব্দ, আটক মহিলা সহ ৩ জন

ডিজিটেল সংবাদ,কচুৱাঃ কচুৱাত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কচুৱাৰ অন্তৰ্গত সোনাৰুগুৰী গাঁৱৰ চুলেমা খাতুন নামৰ এগৰাকী মহিলাৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে বহু পৰিমাণৰ গাঞ্জা জব্দ কৰে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচুত্য কৃষ্ণ ফুকন আৰু এচ আই লক্ষ্য জ্যোতি গগৈৰ নেতৃত্বত চলা এই অভিযানত চুলেমা খাতুন সহ দুজন লোকক আটক কৰে।

Advertisment

লোককেইজন ক্ৰমে কচুৱা থানাৰ অন্তৰ্গত সাতলুঙাৰ শ্বহীদুল হক আৰু নগাঁও সদৰ থানাৰ অন্তৰ্গত শিয়ালমাৰী ইমৰান হুছেইন। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে লোক কেইজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

Also Read: জামুগুৰিহাটত কৃষি বিপ্লৱঃ ড্ৰেগন ফলৰ খেতিৰে বছৰি লাখত উপাৰ্জন যুৱ কৃষকৰ

ganja peddler Kachuwa