/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/551ca64a-0ccd-4ca0-85f0-e3d8081094ba/ganja.jpg)
নাৰায়ণপুৰত গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ
ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীভূঞা কছাৰীপথাৰত মঙলবাৰে বিয়লি আৰক্ষীয়ে জব্দ কৰে গাঞ্জা। আনহাতে শ্ৰীভূঞা কছাৰীপথাৰৰ মইনা কছাৰী ওৰফে তুলসী কছাৰীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ২১ বস্তা গাঞ্জাসহ আটক কৰে ঘৰৰ গৰাকী মইনা কছাৰীক।
জানিব পৰা অনুসৰি শোৱনি কোঠাৰ বিছনাৰ তলত লুকুৱাই ৰাখিছিল গাঞ্জা খিনি।জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ ১ কুইন্টল ১০ কেজি ৪৫ গ্ৰাম। নাৰায়ণপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দুলাল চন্দ্ৰ গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে উদ্ধাৰ কৰে গাঞ্জা খিনি।
আৰু পঢ়কঃ 'গেং অফ ডেভিলছ'ৰ দুই সদস্যক গ্ৰেপ্তাৰ...