লিকাবালিত যুৱকৰ মৃতদেহ উদ্ধাৰ...

চিলাপথাৰ আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত যুৱকজন মালিনীপুৰৰ মনবাহাদুৰ লিম্বুৰ পুত্ৰ নুনু লিম্বু (২৫)। যুৱকজন মানসিকভাৱে কিছু অসুস্থ আছিল বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
xvxv

ডিজিটেল সংবাদ,চিলাপথাৰঃ অসম-অৰুণাচল সীমান্তৰ লিকাবালি মিলনপুৰত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। পুৱা নৈখনত পানী নিবলৈ বুলি আহি ওপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো।

আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত যুৱকজন মালিনীপুৰৰ মনবাহাদুৰ লিম্বুৰ পুত্ৰ নুনু লিম্বু (২৫)। যুৱকজন মানসিকভাৱে কিছু অসুস্থ আছিল বুলি জানিব পৰা গৈছে।

উদ্ধাৰ হোৱা মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে।

ধেমাজি