/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/48a35dac-ff12-4248-ba3a-455ae3d678bc/AP_FOR_WEB_guava.jpg)
"বতৰৰ ফল বতৰত খাবা,তেহে দেহত শকতি পাবা"- এতিয়া নিজক প্ৰশ্ন কৰক শক্তিৰ পাবলৈ আপুনি বাৰু খাইছে নে বতৰৰ ফল?
বিভিন্ন ফল-মূলেৰে চহকী অসম। ঋতু অনুযায়ী অসমত বিভিন্ন ফলৰ গছত শোভা কৰিছে ভিন্নৰঙী টেঙা-মিঠা ফলে। কিন্তু এই ফলবোৰৰ উপযুক্ত মৰ্যাদা জানো আমি দিছো? বাৰীতে পোৱা বেল-কঠালৰ পৰিৱৰ্তে আমি দেওনা মেলো বজাৰৰ আপেল-আঙুৰলৈ। তুলনামূলকভাৱে আপেল-আঙুৰতকৈ কোনো গুণেই কম নহয় বেল বা মধুৰি।
বেল হৈছে এক সুস্বাদু ঔষধি গুণেৰে সমৃদ্ধ পুষ্টিকৰ ফল। বেলৰ anti-bacterial আৰু anti-parasitic গুণাগুণ থাকে যি ডায়েৰিয়াৰ স্থিতি উন্নত কৰাত সহায় কৰে। হজম সম্পৰ্কীয় সমস্যা,কলেষ্টৰল নিয়ন্ত্ৰণ,ডায়েবেটিচ ব্যৱস্থাপনাটো বেল উপকাৰী।
বেল হৈছে এক কাৰ্ডিঅ’-সুৰক্ষামূলক ফল যি এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ। আয়ুৰ্বেদত, বেল হৈছে ডায়েবেটিচৰ বাবে এক অত্যাৱশ্যকীয় প্ৰতিকাৰ। বেলে অগ্নাশয়ক উদ্দীপিত কৰে আৰু ইনচুলিন প্ৰস্তুত কৰাত সহায় কৰে যিয়ে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d080dd0c-3518-4108-afcb-97d730015532/1.jpg)
বেল ফলবিধ তেজ পৰিশোধক, কিয়নো ই খনিজ পদাৰ্থৰে সমৃদ্ধ যিয়ে শৰীৰৰ পৰা সকলো বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/76e94f09-972a-4dc4-8e0e-765f9b5ad5f2/58f06e37_a3ef_4543_bdcd_36fe5d9ded72.jpg)
বেল ফলৰ ৰসত এণ্টিঅক্সিডেণ্ট থাকে আৰু মুক্তৰেডিকেলৰ বাবে Scavenge কৰাৰ ক্ষমতা থাকে। সেই মুক্ত ৰেডিকেলবোৰ কৰ্কটৰোগৰ বিপদাশংকা হ্ৰাস কৰিবলৈ উপকাৰি হ’ব পাৰে।
উল্লেখ্য যে, বেলৰ ব্যৱহাৰে দেহত প্ৰোলেকটিন আৰু ক'ৰটিকইডচ উৎপাদন কৰিব পাৰে। ই গেলেক্টগ’ কাৰ্য প্ৰেৰিত কৰে। ইয়াৰ দ্বাৰা মাতৃদুগ্ধৰ মানদণ্ড উন্নত হয়। ভাল ফলাফলৰ বাবে,কেঁচুৱা মাতৃয়ে শুকান আদা গুৰি আৰু গুড়ৰ সৈতে বেলৰ ৰস খাব লাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/55bfa790-4a1d-4304-9042-981bb42e5672/2.jpg)
ইয়াৰোপৰি গৰমৰ দিনত বেলৰ চৰবতে শৰীৰ ঠাণ্ডা কৰি ৰাখে। বেলক কেঁচা আৰু পকা দুয়ো ধৰণে ব্যৱহাৰ কৰো। যদি আপুনি নিয়মীয়াব্যায়াম কৰে, ব্যায়ামৰ পিছত বেলৰ ৰসো ভাল। ২৫০ মিলি গিলাচ বেল ৰসত ১৪০-১৫০ কেলৰি থাকে। যিহেতু ফলটো প্ৰাকৃতিকভাৱে মিঠা, ই ব্যায়ামৰ পিছত শৰীৰৰ খালী ঠাইত প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰে।
বেলৰ উপকাৰিতাৰ সমান্তৰালকৈ সহজলভ্য অন্য এবিধ ফল হৈছে মধুৰিয়াম। এবিধ পুষ্টিকৰ তথা স্বাস্থ্যকৰ ফল।মধুৰিআমত ভিটামিন, খনিজ পদাৰ্থ, এণ্টি অক্সিডেণ্টে থকাৰ উপৰিও ই আঁহ জাতীয় গুণেৰে ভৰপূৰ। যাৰ ফলত কৌষ্ঠ কাঠিন্য সমস্যা দূৰ হয়। আজিকালি বজাৰত উপলব্ধ মধুৰি বোৰতকৈ বাৰীৰ মধুৰিটোৰ গুণাগুণ বহু বেছি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/30bedff9-8a3c-4cf2-b9b9-172a8167d621/4.jpg)
কমলাত পোৱা ভিটামিন চি-ৰ চাৰিগুণ পৰিমাণ মধুৰিত থাকে। অধিক ভিটামিন চি-য়ে ভাল দৃষ্টিশক্তিত সহায় কৰে।ভিটামিন চি, লাইকোপেন আৰু অন্যান্য প্ৰকাৰৰ পলিফেনলে এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে যি শৰীৰৰ সংক্ৰমণ নিষ্ক্ৰিয় কৰাত সহায় কৰে।মধুৰিত আঁহ আৰু গ্লাইকেমিক সূচকৰ উচ্চ পৰিমাণ আছে যি ডায়েবেটিচৰ বিকাশ প্ৰতিহত কৰাত সহায় কৰে।
মধুৰিত উচ্চ পৰিমাণৰ ছডিয়াম আৰু পটাছিয়াম থাকে যি উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীসকলৰ উচ্চ ৰক্তচাপ সন্তুলিত আৰু নিয়ন্ত্ৰণ কৰাত শৰীৰক সহায় কৰে। অন্যান্য ফলৰ তুলনাত মধুৰিত উচ্চ পৰিমাণৰ ভাল আহাৰৰ আঁহ থাকে সেয়ে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।মধুৰি ফলত মেগনেছিয়াম থাকে যি আপোনাৰ পেশী আৰু স্নায়ুক শিথিল কৰাত সহায় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0b8d819e-fb64-49d5-a30f-8baee6e3a79b/6.jpg)
জ্বৰ, চৰ্দি, কাহ আদিৰ দৰে সৰল সমস্যাৰ বাবে আমি সকলোৱে পশ্চিমীয়া ঔষধৰ ওপৰত নিৰ্ভৰ কৰো। কিন্তু,পাহৰি নাযাব যে মধুৰি পাতবোৰো অতি স্বাস্থ্যকৰ। ডায়েৰিয়া বন্ধ কৰা,কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰা,ওজন হ্ৰাস কৰা,ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াতো মধুৰিয়ামে সহায় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/18d25621-ee06-4e47-bc4e-ea6b72d6fb72/5.jpg)
বজাৰৰ জাম-জেলীত প্ৰচুৰ পৰিমাণৰ চেনি থাকে যিয়ে শৰীৰৰ অপকাৰ কৰিব পাৰে।বজাৰৰ জেলীৰ ঠাইত মধুৰীৰ ভিন্ন ধৰণৰ জাম,জেলী,জুছ, তৈয়াৰ কৰিব পাৰে।
উল্লেখিত দুয়োটা ফল সন্দৰ্ভত আপোনালোকে নিশ্চয় সম্যক জ্ঞান পালে। পৰৱৰ্তী প্ৰতিবেদনত আমি এনেধৰণৰ অন্য এক ফলৰ উপকাৰিতাৰ বিষয়ে তথ্য প্ৰদানৰ চেষ্টা কৰিম।
Also Read: সুৰা বিপ্লৱ...