১ জুনৰ পৰা বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেচা চাহ পাত ক্ৰয় নকৰে!

১ জুনৰ পৰা বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেচা চাহ পাত ক্ৰয় নকৰে!

author-image
Asomiya Pratidin
New Update
১ জুনৰ পৰা বটলিফ ফেক্টৰীয়ে  ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেচা চাহ পাত ক্ৰয় নকৰে!

ডিজিটেল ডেস্কঃ অহা ১ জুনৰ পৰা অসমৰ কোনো বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেচা চাহ পাত ক্ৰয় নকৰে। এক সংবাদ মেল যোগে অসম বটলিফ টি মেনুফেকছাৰ্ছ সংস্থাই এই কথা সদৰি কৰে।

Advertisment

উল্লেখ্য যে যিসকল ক্ষুদ্ৰ চাহ খেতিয়কে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি কেচা চাহ পাত প্ৰস্তুত কৰিব, সেইসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা চাহ ক্ৰয় নকৰে বটলিফ ফেক্টৰীয়ে।ইতিমধ্যে টি বৰ্ডে বটলিফ ফেক্টৰীসমূহলৈ প্ৰেৰণ কৰিছে দুখনকৈ জাননী। সেই জাননীৰ পিছতে এই সিদ্ধান্ত লবলৈ বাধ্য হৈছে অসম বটলিফ টি মেনুফেকছাৰ্ছ সংস্থাই।

এই সমস্যা সমাধানৰ বাবে বটলিফ ফেক্টৰী কতৃপক্ষই টি বৰ্ডৰ সৈতে যোগাযোগ কৰিছে যদিও কোনো সমাধান সূত্ৰ লাভ কৰা নাই অসম বটলিফ টি মেনুফেকছাৰ্ছ সংস্থাই। এই সংস্থাই সংবাদ মেল যোগে এই কথাও জনাই যে যদিহে চৰকাৰ অথবা টি বৰ্ডে নতুন SOP জাৰি নকৰে তেন্তে ১জুনৰ পৰা বটলিফ ফেক্টৰীসমূহ বন্ধ কৰি ৰখাৰ কথা উল্লেখ কৰে।

এই সংবাদ মেলত অংশগ্ৰহণ কৰে অসম বটলিফ টি মেনুফেকছাৰ্ছ সংস্থাৰ কেন্দ্ৰীয় সভাপতি চান্দ কুমাৰ গোহাই,উপদেষ্টা দেবেন সিং,সহকাৰী সম্পাদক চন্দ্ৰজিত বৰুৱা,প্ৰচাৰ সম্পাদক আচলাম খানে।

Also Read: লখিমপুৰত অঘটনঃ থানাৰ ভিতৰতে মৃত্যু হয় আচামীৰ

tea garden bottleaf