দৃষ্টিহীন শিক্ষাৰ্থীৰ শিক্ষালৈ যুগান্তকাৰী অৱদানঃ বিনামূলীয়াকৈ বিতৰণ হেমকোষৰ ব্ৰেইল সংস্কৰণ...

দৃষ্টিহীন শিক্ষাৰ্থীৰ শিক্ষালৈ যুগান্তকাৰী অৱদানঃ বিনামূলীয়াকৈ বিতৰণ হেমকোষৰ ব্ৰেইল সংস্কৰণ...
দৃষ্টিহীন শিক্ষাৰ্থীৰ শিক্ষালৈ যুগান্তকাৰী অৱদানঃ বিনামূলীয়াকৈ বিতৰণ হেমকোষৰ ব্ৰেইল সংস্কৰণ...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ দৃষ্টিহীনসকলৰ শিক্ষালৈ এক যুগান্তকাৰী অৱদান। দৃষ্টিহীনৰ শিক্ষা আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰিবৰ বাবে সুবিধা হোৱাকৈ 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ তথা 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক জয়ন্ত বৰুৱাৰ একান্ত প্ৰচেষ্টা আৰু হেমচন্দ্ৰ বৰুৱা ন্যাসৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা হেমকোষৰ ব্ৰেইল সংস্কৰণ বিনামুলীয়াকৈ বিতৰণ কৰা হৈছে।

'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ এচিভাৰ্ছ এৱাৰ্ড-২০২২ অনুষ্ঠানত উপস্থিত থকা মুখ্য অতিথি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, তেওঁৰ পত্নী সবিতা কোবিন্দ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰেক্ষাগৃহত উপস্থিত থকা বিভিন্ন শ্ৰেণীৰ লোকসকলক সম্বোধন কৰি আগবঢ়োৱা উদ্বোধনী ভাষণত জয়ন্ত বৰুৱাই এই বিষয়ে উল্লেখ কৰিছে। উদ্বোধনী ভাষণত তেওঁ কয়, এচিভাৰ্ছ এৱাৰ্ড-২০২২ ৰ সৈতে এইবাৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰখা হৈছে।

আপোনালোক সকলোৱেই অৱগত যে, অভিধানৰ ব্ৰেইল সংস্কৰণ নথকাৰ বাবে ৰাজ্যৰ ৩ লক্ষাধিক নেত্ৰহীন লোকৰ অসমীয়া- ইংৰাজী ভাষা শিক্ষা আৰু তেওঁলোকৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশেষ অসুবিধা আছিল। কিন্তু শেহতীয়াকৈ ৰাজ্যৰ সামাজিক ন্যায় আৰু সৱলীকৰণৰ বিভাগৰ অন্তৰ্গত ব্ৰেইল ছপাশালৰ সহযোগত ১০ হাজাৰ পৃষ্ঠাৰ ২১ টা খণ্ডত হেমকোষৰ ব্ৰেইল সংস্কৰণ ছপা কৰি উলিয়াবলৈ সক্ষম হৈছে।

ইতিমধ্যে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে আনুষ্ঠানিক ভাৱে এই ব্ৰেইল অভিধান উদ্বোধন কৰাৰ লগতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই অভিধান গ্ৰহণ কৰিছে। ব্ৰেইল অভিধান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্যৰ প্ৰশংসা কৰাৰ লগতে দক্ষিণ পূব এছিয়াৰ ভিতৰতে আঞ্চলিক ভাষাত এই ব্ৰেইল অভিধান সৰ্ববৃহত আৰু প্ৰথম বুলি অভিহিত কৰিছে। এইয়া আমাৰ বাবে গৌৰৱৰ বিষয়।

তেওঁ কয়, অসমৰ সৰ্বজন্তীয় হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি নেত্ৰহীনৰ বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুথিভঁৰালত ইয়াৰ ২১ টাকৈ খণ্ড বিনামূলীয়াকৈ প্ৰদান কৰাৰ বাবে হেমচন্দ্ৰ বৰুৱা ন্যাসে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ এই অনুষ্ঠানত কেইখনমান শিক্ষানুষ্ঠানক হেমকোষৰ এই ব্ৰেইল সংস্কণৰ বিতৰণ কৰা হ'ব।

ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ মৰাণহাতৰ দৃষ্টিহীন প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়, নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ দৃষ্টিহীন বিদ্যালয়, গুৱাহাটীৰ চৰকাৰী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়। ইয়াৰোপৰি তেওঁ কয় যে, উৰিষ্যাৰ ব্ৰেইল ফাউণ্ডেশ্যনেও ব্ৰেইল সংস্কৰণ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। তেওঁলোকৰ এই আহ্বান আন্তৰিকতাৰে গ্ৰহণ কৰিছো।

তেওঁ কয়, ২০ ডিচেম্বৰৰ পৰা ক্ৰমে গুৱাহাটীৰ দৃষ্টিহীন বিদ্যালয়, বিহপুৰীয়াৰ দৃষ্টিহীন বিদ্যালয়, যোৰহাটৰ জে বি দৃষ্টিহীন বিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কেন্দ্ৰীয় পুথিভঁৰাল আৰু ৰাষ্ট্ৰীয় পুথিভঁৰালক এই ব্ৰেইল অভিধান প্ৰধান কৰিম। তেওঁ প্ৰপিতামহ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু পিতৃ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱালৈ শ্ৰদ্ধজনাই কয়, প্ৰায় ১১ বছৰ পূৰ্বে হেমকোষৰ ১৪ সংখ্যক সংস্কৰণ প্ৰকাশৰ পিছতেই হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাৰ মৃত্যুৰ হৈছে।

এনে পৰিপ্ৰেক্ষিততে যোৱা সময়ছোৱাতে এই সংস্কৰণৰ তিনিবাৰ পুনৰ মুদ্ৰণ হোৱাৰ বাহিৰে নতুন সংস্কৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। ফলত অসমীয়া ভাষাত চামিল হোৱা লোককৃষ্টি আৰু জনগোষ্ঠীয় তথা তথ্য প্ৰযুক্তিৰ সৈতে জড়িত বহু শব্দ অন্তৰ্ভুক্তিৰ পৰা বাদ পৰি আছিল।

আমি এই কথা ক'বলৈ পাই আনন্দিত যে, হেমকোষৰ পঞ্চদশ সংস্কৰণৰ সম্পাদনাৰ কামো বিশিষ্ট ভাষাতত্ববিদ ড০ বসন্ত গোস্বামী, ড০ মালিনী গোস্বামী, ড০ উপেন ৰাভা হাকাছামৰ তত্বাৱধানত হেমচন্দ্ৰ বৰুৱা ন্যাসত চলি আছে। বহাগ বিহুৰ আগে পিছে প্ৰায় নতুনকৈ ৪ হাজাৰ নতুন শব্দ সংযোজেনে হেমকোষৰ নতুন সংস্কৰণ প্ৰকাশ হৈ ওলাব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in