'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ এচিভাৰ্ছ এৱাৰ্ড ২০২২ আৰম্ভঃ বিতৰণ কৰা হ'ব হেকোষৰ ব্ৰেইল সংস্কৰণ...

সাদিন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ্ছ এৱাৰ্ড ২০২২ আৰম্ভঃ বিতৰণ কৰা হ'ব হেকোষৰ ব্ৰেইল সংস্কৰণ...
সাদিন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ্ছ এৱাৰ্ড ২০২২ আৰম্ভঃ বিতৰণ কৰা হ'ব হেকোষৰ ব্ৰেইল সংস্কৰণ...

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠ হিচাপে পৰিগণিত হৈ পৰা সাদিন প্ৰতিদিন গোষ্ঠীয়ে বিগত ৮ বছৰ ধৰি প্ৰতি বছৰে সমাজ, সংস্কৃতি, শিল্প, সাহিত্য, ক্ৰীড়া, পৰিৱেশকে ধৰি বিভিন্ন শিতানলৈ অনবদ্য অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকললৈ আগবঢ়াই আহিছে এচিভাৰ্ছ এৱাৰ্ড। এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইউ এছ টি এম প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এচিভাৰ্ছ এৱাৰ্ড ২০২২।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ইয়োৰপৰি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পত্নী সবিতা কোবিন্দ। তেওঁলোকক সাদিন প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা, চেলেং, শৰাই, হেমকোষ আদিৰে সম্বৰ্ধনা জনোৱা হয়।

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা, মন্ত্ৰী, বিধায়কৰ লগতে অসমৰ কেইবাখনো উল্লেখযোগ্য সত্ৰৰ সত্ৰাধিকাৰ, অসম সাহিত্য সভাকে ধৰি বিভিন্ন সাহিত্য অনুষ্ঠানৰ বিষয়ববীয়া, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক, শিক্ষাবিদ, সাহিত্যিক, সমাজকৰ্মী, সংবাদকৰ্মী, সাংস্কৃতিক কৰ্মী, শিক্ষাৰ্থীকে ধৰি বিভিন্ন শ্ৰেণীৰ অগণন লোকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানতে কেইবাজনো বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় এচিভাৰ্ছ এৱাৰ্ড।

এই অনুষ্ঠানতে হেমকোষৰ ব্ৰেইল সংস্কৰণো বিতৰণ কৰা হয়। উল্লেখ্য যে, সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ ইচ্ছা আৰু প্ৰচেষ্টাত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ দৃষ্টিহীনসকলৰ সুবিধাৰ্থে ব্ৰেইল সংস্কৰণত মুদ্ৰিত কৰে। ইতিমধ্যে আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰা হেমকোষৰ ব্ৰেইল সংস্কৰণ এছিয়াৰে প্ৰথমখন ব্ৰেইল অভিধান হিচাপে পৰিচিত হৈ পৰিছে।

হেমকোষৰ এই ব্ৰেইল সংস্কৰণ আজি প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে বিতৰণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে 'সাদিন প্ৰতিদিন' গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী আৰু নন্দিনীৰ সম্পাদক মাইনী মহন্তই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা আৰু সাদিনৰ প্ৰতিষ্ঠাপক সম্পাদক তথা সাদিন, প্ৰতিদিন গোষ্ঠীৰ পিতামহ স্বৰূপ তিলক হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তী প্ৰজ্বলন কৰে।

এইবাৰ পৰিৱেশ শিতানত ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হৈছে Excellence in Environmental Conservation ‍বঁটা। সামাজিক শিতানত ড০ দিগম্বৰ নাৰ্জাৰীলৈ আগবঢ়োৱা হৈছে Excellence in Social Service বঁটা। স্বাস্থ্যৰ শিতানত ডাঃ অজয়া মহন্তলৈ আগবঢ়োৱা হৈছে Excellence in Health Care বঁটা। আনহাতে ক্ৰীড়াৰ শিতানত দুগৰাকী ক্ৰীড়াবিদলৈ আগবঢ়োৱা হৈছে Excellence in Sports ‍বঁটা। বঁটা লাভ কৰা দুয়ো খেলুৱৈ ক্ৰমে জেৰিমি লাল ৰিনুংগা আৰু বধিৰ অলিম্পিয়ান অভিনন্দন গোস্বামী।

আনহাতে আৰক্ষী বিষয়া ৰবিন হিবুলৈ আগবঢ়োৱা হৈছে Excellence in Public Service বঁটা। বিজ্ঞান আৰু উদ্ভাৱনৰ জৰিয়তে চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা ড০ ভূপেন্দ্রনাথ গোস্বামীলৈ Excellence in Science & Innovation বঁটা হেমচন্দ্র গোস্বামীলৈ Excellence in Art ‍বঁটা আগবঢ়োৱা হৈছে।

সংগীতৰ শিতানত বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱালৈ Achiever in Music বঁটা, ড০ লক্ষ্যহীৰা দাসলৈ সাদিন সাহিত্য আৰু সাংবাদিকতা বঁটা আৰু বিশিষ্ট নাট পৰিচালক-আজীৱন নাট্যকৰ্মী দুলাল ৰয়লৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে।

আনহাতে ‘প্রতিদিন টাইম’ৰ চলিত বৰ্ষৰ শ্রেষ্ঠ সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে গুৱাহাটীৰ পাৰ্থ প্রতীম বৰুৱা, নতুন দিল্লীৰ সাংবাদিক প্রাঞ্জল প্রতীম দাসলৈ আগবঢ়োৱা হৈছে বৰ্ষ শ্রেষ্ঠ সাংবাদিকতা বঁটা।

‘অসমীয়া প্রতিদিন’ৰ চলিত বৰ্ষৰ শ্রেষ্ঠ সাংবাদিকতা বঁটা প্রদান কৰা হৈছে গুৱাহাটীৰ বনজিৎ ঠাকুৰীয়া আৰু ঢকুৱাখনাৰ সাংবাদিক অমিত পৱন বৰালৈ। প্ৰতিদিন ৱেব ডেস্কৰ শ্ৰেষ্ঠ সংবাদকৰ্মী বঁটা আগবঢ়োৱা হৈছে বন্দনা শইকীয়ালৈ।

ক্লিক কৰি পঢ়কঃ ঢকুৱাখনাত পৌৰ নিকায় কৰ্মচাৰীৰ সৰ্বাত্মক ধৰ্মঘটত অচল পৌৰ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in