অসমীয়া প্ৰতিদিনৰ বাতৰিৰ প্ৰভাৱ; অৱশেষত এচ বি আইৰ ভুৱা বিষয়া আৰক্ষীৰ জালত...

ভাৰতীয় ষ্টেট বেংকৰ বালিজান শাখাৰ ফিল্ড অফিচাৰ বুলি চিনাকি দিয়া যতীন্দ্ৰ শইকীয়া(২৭) অৱশেষত গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
অসমীয়া প্ৰতিদিনৰ বাতৰিৰ প্ৰভাৱ; অৱশেষত এচ বি আইৰ ভুৱা বিষয়া আৰক্ষীৰ জালত...

ডিজিটেল সংবাদ, গহপুৰ : ভাৰতীয় ষ্টেট বেংকৰ বালিজান শাখাৰ ফিল্ড অফিচাৰ বুলি চিনাকি দি লোন দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰা গহপুৰৰ শলামৰা(হাৱাজান) যতীন্দ্ৰ শইকীয়া(২৭) অৱশেষত গ্ৰেপ্তাৰ। গহপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক কমৰোদ্দিন আলীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে আলিগুৰী পিছলাৰ পৰা যোৱা নিশা প্ৰায় ১ বজাত গ্ৰেপ্তাৰ কৰে ঠগ-প্ৰবঞ্চক যতীন্দ্ৰ শইকীয়াক।

Advertisment

আলিগুৰী পিছলাৰ এঘৰ লোকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ হয় যতীন্দ্ৰ শইকীয়া। গহপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধী আইনৰ ৪৯১/৪২০ ধাৰাৰ অধীনত ৮১/২০২৩ নম্বৰত ৰুজু হৈ থকা গোচৰটোৰ সংক্ৰান্তত গ্ৰেপ্তাৰ হয় বেংকৰ স্বয়ম্ভূ ফিল্ড অফিচাৰ যতীন্দ্ৰ শইকীয়া।

উল্লেখ্য যে, বিগত ৩ মে'ত অসমীয়া প্ৰতিদিন ডিজিটেলে এই সন্দৰ্ভত প্ৰচাৰ কৰিছিল বাতৰি। বাতৰি প্ৰচাৰৰ পাছতেই অভিযোগ মিচা বুলি দাবীও কৰিছিল স্বয়ম্ভূ ফিল্ড অফিচাৰ যতীন্দ্ৰ শইকীয়াই। পৰৱৰ্তী পৰ্যায়ত অসমীয়া প্ৰতিদিন ডিজিটেলে উপযুক্ত তথ্য প্ৰমাণসহ পুনৰ বাতৰি সম্প্ৰচাৰ কৰাত বিষয়টোৰ প্ৰতি মনোযোগ দিয়ে আৰক্ষীয়ে। আৰু ইয়াৰ পিছতেই ৯ মে'ৰ পুৱতি নিশা গ্ৰেপ্তাৰ কৰা হয় এইজনা স্বয়ম্ভূ ফিল্ড অফিচাৰ যতীন্দ্ৰ শইকীয়াক।

ঘটনাৰ সন্দৰ্ভত অধিক জানিবলৈ তলৰ লিংকত গৈ পঢ়ক আমাৰ পূৰ্বৱতী বাতৰি...

Also Read: গহপুৰত প্ৰবঞ্চক: বেংকৰ ফিল্ড অফিচাৰ বুলি পৰিচয় দি লুটি নিলে লক্ষাধিক টকা...

Assam police