গহপুৰত প্ৰবঞ্চক: বেংকৰ ফিল্ড অফিচাৰ বুলি পৰিচয় দি লুটি নিলে লক্ষাধিক টকা...

বেংকৰ ফিল্ড অফিচাৰ বুলি চিনাকি দি ঠগ প্ৰবঞ্চনাৰে লোন দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ। গহপুৰৰ শলামৰাৰ যতীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰিলে গহপুৰ আৰক্ষীয়ে...
গহপুৰত প্ৰবঞ্চক: বেংকৰ ফিল্ড অফিচাৰ বুলি পৰিচয় দি লুটি নিলে লক্ষাধিক টকা...

ডিজিটেল সংবাদ, ছয়দুৱাৰ : লোন দিয়াৰ নামত ঠগ-প্ৰবঞ্চনাৰে সহজ-সৰল লোকৰ পৰা লাখ লাখ টকা আত্মসাৎ গহপুৰৰ এজন যুৱকৰ। প্ৰবঞ্চনাৰে টকা সৰকাই চোৰৰ দৰে পলাই ফুৰা গহপুৰ আৰক্ষী থানাৰ অধীনস্থ হাৱাজান আৰক্ষী চকীৰ এলেকাধীন শলামৰাৰ বীৰেন শইকীয়াৰ পুত্ৰ যতীন্দ্ৰ শইকীয়া(২৭)ৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে গহপুৰ আৰক্ষী থানাত।

উল্লেখযোগ্য যে, অসৎ পন্থাৰে ধন আহৰণ কৰাত অতি সিদ্ধহস্ত যতীন্দ্ৰ শইকীয়াই যোৱা কেইমাহমান ভাৰতীয় ষ্টেট বেঙ্কৰ বালিজান শাখাত লোন ৰিকভাৰি কৰ্মচাৰী হিচাপে অস্থায়ী ভিত্তিত কাম কৰিছিল। সেই সূত্ৰে তেওঁ গ্ৰাহক ৰাইজৰ কাষ চপাৰ সুযোগ লাভ কৰি সহজতে ধন ঘটাৰ কৌশল অবলম্বন কৰিছিল। এলেকাটোৰ বিভিন্ন গ্ৰাহকৰ ওচৰলৈ লোন ৰিকভাৰি কামত যোৱাৰ সময়ত তেওঁ গ্ৰাহক সকলক ভাৰতীয় ষ্টেট বেঙ্কৰ বালিজান শাখাৰ "ফিল্ড অফিচাৰ" বুলি চিনাকি দি অতি সহজ পদ্ধতিত লোন দিয়াৰ বিষয়ে অৱগত কৰে। ৪৫ শতাংশ ৰাজসাহাৰ্যযুক্ত লোন দিয়াৰ সুবিধা কৰি দিয়াৰ বিনিময়ত ৫ শতাংশকৈ অফিচিয়েল খৰছ তেওঁক আদায় দিব লাগিব বুলি গ্ৰাহক সকলক অৱগত কৰি প্ৰবঞ্চক যতীন্দ্ৰ শইকীয়াই পেলাইছিল লুণ্ঠনৰ জাল।

যতীন্দ্ৰৰ এই কথাত ভোল গৈ সহজ পদ্ধতিত ব্যৱসায়িক লোন পোৱাৰ আশাৰে বহু গ্ৰাহকে তেওঁক ৫ শতাংশকৈ অফিচিয়েল খৰছৰ বাবদ ধন আদায় দি এতিয়া মূৰে কপালে হাত দিছে একাধিক গ্ৰাহকে। যতীন্দ্ৰ শইকীয়াৰ ঠগ প্ৰবঞ্চনাৰ বলি হৈ ৭৫ হাজাৰকৈ কষ্টৰ ধন হেৰুৱাব লগীয়া হ'ল গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কলাবাৰী কলিতাগাঁৱৰ ৰঞ্জন ভূঞা(৫২) নামৰ এগৰাকী খাটিখোৱা মীন পালকে। এইক্ষেত্ৰত অভিযোগত প্ৰকাশ পোৱা মতে, মীন পালনৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ১৫ লাখ টকাৰ ঋণ দিয়া প্রলোভনেৰে ৰঞ্জন ভূঞাৰ পৰা মুঠ ৭৫ হাজাৰ টকা আত্মসাৎ কৰা যতীন্দ্ৰ শইকীয়াই নিজকে ভাৰতীয় ষ্টেট বেংকৰ বালিজান (গহপুৰ) শাখাৰ ফিল্ড অফিচাৰ বুলি চিনাকি দি উক্ত বেংক শাখাৰ জৰিয়তে ৰঞ্জন ভূঞাক ১৫ লাখ টকাৰ ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে ২০২২ চনৰ জুন মাহৰ পহিলা সপ্তাহত ৰঞ্জন ভূঞাৰ ঘৰলৈ আহে।

পৰৱৰ্তী সময়ত তেওঁ ৰঞ্জন ভূঞাৰ পৰা ঋণ দিয়াৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন নথি-পত্ৰ (আধাৰ কাৰ্ড, পাণ কাৰ্ড, ভোটাৰ আইডি, বেংক পাছ বুক, খাজানা ৰচিদ আৰু পাছপৰ্ট ফটো) সংগ্ৰহ কৰে। উক্ত ১৫ লাখ টকাৰ ঋণ দিয়াৰ বাবদ যতীন্দ্ৰ শইকীয়াই ৰঞ্জন ভূঞাৰ পৰা বেংকৰ যাৱতীয় খৰচৰ বাবদ ৭৫ হাজাৰ টকা বিচাৰে। সেই অনুসৰি ৰঞ্জন ভূঞাই স্বয়ম্ভূ ফিল্ড অফিচাৰ যতীন্দ্ৰ শইকীয়াক ২০২২ চনৰ ২২ জুনত নগদ ৪০ হাজাৰ টকা, ২৮ জুনত নগদ ৫ হাজাৰ টকা আৰু ৭ চেপ্তেম্বৰত নগদ ৩০ হাজাৰ টকা ৰঞ্জন ভূঞাৰ কলিতা গাঁৱৰ নিজা ঘৰত নগদ আদায় দিয়ে। টকাখিনি দিয়াৰ পিছত তিনিমাহৰ ভিতৰত উক্ত ১৫ লাখ টকাৰ ঋণ মঞ্জুৰ হ'ব বুলি ৰঞ্জন ভূঞাক যতীন্দ্ৰই প্রতিশ্রুতি দিছিল যদিও ঋণ লাভ কৰিবলৈ সক্ষম নহ'ল ৰঞ্জন ভূঞা।

পৰৱৰ্তী সময়ত যতীন্দ্ৰ শইকীয়াই ৰঞ্জন ভূঞাৰ পৰা সংগ্ৰহ কৰা ৭৫ হাজাৰ টকা আত্মসাৎ কৰি পলাই ফুৰে। উল্লেখযোগ্য যে, যতীন্দ্ৰ শইকীয়াক তিনিটা কিস্তিত ৭৫ হাজাৰ টকা আদায় দিয়াৰ সময়ত ৰঞ্জন ভূঞাৰ সৈতে তেওঁৰ পত্নী জুনু ভূঞা (৩৫) আৰু পুত্ৰ নিকি ভূঞা (১৯) উপস্থিত আছিল। উক্ত লোন দিয়াৰ সংক্ৰান্তত আৰু ৰঞ্জন ভূঞাৰ পৰা ধন লোৱাৰ সম্পৰ্কত তেওঁলোক দুয়োৰে মাজত হোৱা কথোপকথনৰ কেইবাটাও কল ৰেকৰ্ডিং আৰু হোৱাটছ এপৰ কথা-বতৰা প্রমাণ হিচাপে মজুত আছে। ঠগ প্ৰবঞ্চনাৰে ধন আত্মসাৎ কৰি পলাই ফুৰা সন্দৰ্ভত যোৱা ১৫ এপ্ৰিলত গহপুৰ আৰক্ষী থানাত ৰঞ্জন ভূঞাই দাখিল কৰা এজাহাৰৰ ভিত্তিত প্ৰবঞ্চক যতীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধীৰ ৪১৯/৪২০ ধাৰাৰ অধীনত ৮১/২০২৩ নম্বৰত এটা গোচৰ পঞ্জীয়ন হয় যদিও উক্ত গোচৰটো পঞ্জীয়ন কৰিয়েই যেন দায়িত্ব সামৰিলে গোচৰটোৰ তদন্তকাৰী বিষয়া কমৰোদ্দিন আলীয়ে।

তদন্তকাৰী বিষয়াগৰাকীয়ে অভিযুক্ত যতীন্দ্ৰ শইকীয়াক নিয়মমাফিক ভাবে মাত্ৰ এদিন বিচাৰি যোৱাৰ বাহিৰে যোৱা ১৫/১৬ দিনে তেওঁক থানাত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰিব নোৱাৰিলে। যতীন্দ্ৰ শইকীয়াৰ পৰিয়ালৰ লোকে গোচৰটোৰ তদন্তকাৰী বিষয়াগৰাকীক যতীন্দ্ৰ শইকীয়া চিকিৎসাজনিত কাৰণত গুৱাহাটীত থকা বুলি কোৱা কথাষাৰকে আৰক্ষী বিষয়াগৰাকীয়ে দৈৱ বাণী বুলি মানি লৈ প্ৰবঞ্চক যতীন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কোনোধৰণৰ তৎপৰতা অৱলম্বন কৰা নাই।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট আৰক্ষীৰ এই সোপাঢিলা নীতিক স্বভাৱিকতে চোকা ভাষাৰে সমালোচনা কৰিছে স্থানীয় সচেতন ৰাইজে। ইয়াৰ পূৰ্বে যতীন্দ্ৰ শইকীয়াৰ ঠগ-প্ৰবঞ্চনাৰ বিষয়টো যোৱা দুই মাৰ্চত ৰঞ্জন ভূঞাই লিখিত আকাৰে জনাইছিল হাৱাজান আৰক্ষী চকীৰ আই চি সঞ্জয় শইকীয়াক। কিন্তু আচৰিত কথা বেংকৰ ফিল্ড অফিচাৰ বুলি ভুৱা পৰিচয় দি খাটিখোৱা লোকৰ তেজ শুহি খোৱা যতীন্দ্ৰ শইকীয়াক ডেৰ মাহে বিচাৰি উলিওৱাত চূড়ান্ত ভাবে ব্যৰ্থ হ'ল সঞ্জয় শইকীয়া।

জানিব পৰা মতে যতীন্দ্ৰ শইকীয়াই কেৱল মাত্ৰ ৰঞ্জন ভূঞাৰ পৰাই লোন দিয়াৰ নামত ধন আত্মসাৎ কৰা নাই। বৃহত্তৰ হাৱাজান, কলাবাৰী, আলুপাৰা আদি অঞ্চলৰ অৰ্ধশতাধিক খাটিখোৱা লোকৰ পৰা এনেদৰে সংগ্ৰহ কৰা ধনৰ পৰিমাণ প্ৰায় ১৫/২০ লাখতকৈ অধিক হ'ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে বহু কেইজন ব্যক্তিয়ে।এনেদৰে অসৎ পন্থাৰে ধন ঘটি লাখ লাখ টকাৰ গৰাকী হোৱা যতীন্দ্ৰ শইকীয়াই ট্ৰেক্টৰসহ দুই তিনিখন ব্যক্তিগত বাহন, মটৰ চাইকেল ক্ৰয় কৰি আভিজ্যতৰ জীৱন অতিবাহিত কৰি আহিছে।

গহপুৰত প্ৰবঞ্চক: বেংকৰ ফিল্ড অফিচাৰ বুলি পৰিচয় দি লুটি নিলে লক্ষাধিক টকা...
ডি:বি:ৰ একবিংশতম দীক্ষান্ত সমাৰোহ: সাহিত্যিক নিৰুপমা বৰগোহাঞিক ডি লট সন্মান, ৩৯ জন শিক্ষাৰ্থীলৈ স্বৰ্ণ পদক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in