গোগামুখৰ নলবাৰীত স্থায়ী বাথৌ মন্দিৰৰ আধাৰশিলা স্থাপন...

বড়ো জনগোষ্ঠীৰ বাথৌ ধৰ্মাৱলম্বী লোকসকলে গাঁঠিৰ ধনেৰে প্ৰায় এক কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াব এই মন্দিৰ। ইয়াৰ লগত সংগতি ৰাখি মন্ত্ৰী ডা০ ৰণোজ পেগুৱে ব্যক্তিগত ভাৱে এক লাখ টকাৰ অনুদানো আগবঢ়ায়। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,গোগামুখঃ গোগামুখৰ নলবাৰীত মঙলবাৰে স্থায়ী বাথৌ মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয় । আধাৰশিলা স্থাপন কৰে ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে। 

বড়ো জনগোষ্ঠীৰ বাথৌ ধৰ্মাৱলম্বী লোকসকলে গাঁঠিৰ ধনেৰে প্ৰায় এক কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াব এই মন্দিৰ। ইয়াৰ লগত সংগতি ৰাখি মন্ত্ৰী ডা০ ৰণোজ পেগুৱে ব্যক্তিগত ভাৱে এক লাখ টকাৰ অনুদানো আগবঢ়ায়। 

উল্লেখ্য যে, বৰদলনি মৌজাৰ অন্তৰ্গত ৬৩ খন বড়ো অধ্যুষিত গাঁৱৰ ২০০০ টা পৰিয়ালৰ পৰা ৩ হাজাৰ ৬০০ টকাকৈ অৰ্থাৎ প্ৰতি মাহে ১০০ টকাকৈ অৰিহণাৰে তিনিবছৰত সম্পন্ন কৰিব উক্ত মন্দিৰ নিৰ্মাণৰ কাম।  

শিক্ষামন্ত্ৰী ৰণোজ পেগু গোগামুখ