/asomiyapratidin/media/media_files/2025/01/08/VFcTXFHSoxB83oahsvXs.jpg)
Foundation stone of critical care block laid at Mangaldoi at a cost of Rs 24 crore
ডিজিটেল সংবাদ, মঙলদৈ : দুদিনীয়া ভ্ৰমণসূচীৰে অসম লৈ অহা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই বুধবাৰে দিনৰ ভাগত উপস্থিত হয় মঙলদৈত। চহৰখনত কেন্দ্ৰীয় মন্ত্ৰী নাড্ডা আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ কেইবাটাও অভিলাষী আঁচনি পৰিদৰ্শন কৰে। লগতে মঙলদৈ অসামৰিক চিকিৎসালয়ত ২৪ কোটি টকা ব্যয় সাপেক্ষে ৫০ খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰে।
কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে দৰং কেন্সাৰ মেডিকেল, মঙলদৈস্থিত অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়, নৱনিৰ্মিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মঙলদৈ টাউন বাইপাছকে আদি কৰি কেইবাটাও প্ৰকল্পৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। দুয়োগৰাকী নেতাই দৰং জিলা আয়ুক্ত কাৰ্যালয়ত বিভাগীয় মুৰব্বীসকলৰ লগত এখন পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে আকাশী পথেৰে দুপৰীয়া ১২-০০ বজাত দুয়োগৰাকী নেতা মঙলদৈ আহি পোৱাৰ কথা আছিল যদিও বতৰ বেয়া হোৱাৰ পৰিপ্ৰেক্ষিতত স্থলপথেৰে আহি আবেলি ২-০০ বজাতহে উপস্থিত হয় দৰং জিলাত।