নিৰ্মল হালৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ...

নিৰ্মল হালৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সমাৰোহ...

author-image
Asomiya Pratidin
New Update
নিৰ্মল হালৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ...

ডিজিটেল সংবাদ, পাটাছাৰকুছি: বজালী জিলাৰ পাটাছাৰকুছিত অৱস্থিত আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নিৰ্মল হালৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ শুকুৰবাৰে ভূপেন হাজৰিকা প্ৰেক্ষা গৃহত অনুস্থিত হয়। সন্মিলনীৰ সভাপতি হেমন্ত কুমাৰ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি আৰু মত বিনিময় অনুষ্ঠানৰ গুনজিৎ নাথে আঁত ধৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড ' কৌশিক কুমাৰ ডেকাই ৷

Advertisment

উক্ত সমাৰোহত কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ মত বিনিময় কৰে। লগতে কেইবাগৰাকীও মহাবিদ্যায়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুৱে শুভেচ্ছা জনাই ভাষণ প্ৰদান কৰে। শলাগৰ শৰাই আগবঢ়ায় সন্মিলনীৰ কাৰ্যকৰী সভাপতি ড' প্ৰদীপ শৰ্মাই৷

পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক ডেকাই পতাকা উত্তোলন কৰাৰ পিছতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ কিশোৰ কুমাৰ শৰ্মাই৷ শৰ্মাই আজিৰ সমাৰোহত অংশ গ্ৰহণ কৰি সভা সফল কৰি তোলা প্ৰতি গৰাকী স্বনামধন্য ব্যক্তিলৈ আন্তৰিক অভিনন্দন জনায়৷

Also Read: BTR ৰ কোচৰাজবংশীৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ ৮ দফীয়া স্মাৰক পত্ৰ...

bajali