/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/269b0bbb-0493-433e-9356-29e26addfb82/1.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ১ জুনত অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱন প্ৰাংগণত অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী মহিলা সভাপতি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সুৰকাৰ, গীতিকাৰ ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ স্মৃতিদিৱস পালন কৰা হয়। এই উপলক্ষে অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মনে বৰদলৈৰ প্ৰতিচ্ছবিৰ সমুখত চাকি জ্বলোৱা, ধূপ জ্বলোৱা আৰু পুষ্পাঞ্জলি প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/34eb5d25-ed57-4299-9ba6-d8863be2179a/bae88bec-ae4f-4542-91ce-d3a02dbe8194.jpg)
ইয়াৰ পাছতে স্মৰণ সভা এখনো আয়োজন কৰা হয়। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ উপস্থিতিত হোৱা সভাখনত পৌৰোহিত্য কৰে অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/eafadccc-61f8-47a2-978d-872cd8aa3828/a74b9d84-64f8-4fff-8391-72cb8a964b7f.jpg)
স্মৰণ সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, অসম সাহিত্য সভাৰ কৰ্মচাৰী সান্ত্বনা ঠাকুৰীয়া, বাবুল ৰাজবংশী আৰু কবিতা বৰাই ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ সাহিত্য প্ৰতিভা তথা শৈক্ষিক বিষয়ক বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ সভাপতি প্ৰফুল্ল বৰ্মনে নিৰ্মলপ্ৰভা বৰদলৈৰ জীৱন আৰু কৃতিৰ বিষয়ে আলোকপাত কৰি ভাষণ প্ৰদান কৰে।
Also Read: ৰঙিয়াত ৱেৰিৱৰ্ছৰ উদ্যোগত বিনামূলীয়া কাটিং প্ৰশিক্ষণ