ৰঙিয়াত ৱেৰিৱৰ্ছৰ উদ্যোগত বিনামূলীয়া কাটিং প্ৰশিক্ষণ

ৰঙিয়াত ৱেৰিৱৰ্ছৰ উদ্যোগত বিনামূলীয়া কাটিং প্ৰশিক্ষণ

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়া নগৰ আঞ্চলিক সমিতি তথা কামৰূপ গ্ৰাম্য জিলাৰ যুটীয়া প্ৰচেষ্টাত ৰঙিয়া মুৰাৰাস্থিত বীণাপাণি গেছ এজেঞ্চিৰ সমীপত এটি কাটিংৰ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত হয় । নাৰী সৱলীকৰণৰ আৰু আৰ্থিক স্বাৱলম্বিতাৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ আৰ্থিকভাৱে দুৰ্বল নাৰীসকলক স্ব- উপাৰ্জনেৰে আত্মনিৰ্ভৰশীল কৰি মানসিকভাৱে শক্তিশালী কৰাৰ উদ্দেশ্যে‌ কাৰ্যসূচী গ্ৰহণ কৰে ।‌

কেইবাগৰাকী নাৰীৰ আগ্ৰহসম্বলিত উপস্থিতিৰে প্ৰশিক্ষণ অনুষ্ঠানটো জীপাল হৈ উঠে। উপস্থিত মহিলাসকলক প্ৰশিক্ষিত টেইলৰে প্ৰশিক্ষণ আগবঢ়ায় । প্ৰশিক্ষণ কাৰ্যসূচীত ৱেৰিৱৰ্ছৰ কামৰূপ গ্ৰাম্য জিলাৰ উপ সভানেত্ৰী তৃষ্ণা ডেকা ,সহ সম্পাদিকা অনামিকা কলিতা উপস্থিত থাকে ।

ৰঙিয়াত ৱেৰিৱৰ্ছৰ উদ্যোগত বিনামূলীয়া কাটিং প্ৰশিক্ষণ
ঢকুৱাখনাত অসম ভিত্তিত ভলীবল ৰেফাৰী পৰীক্ষা আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in