একালৰ সাংবাদিক ৰাজুমনি ৰাজাৰ অকাল বিয়োগত শোক...

একালৰ সাংবাদিক ৰাজুমনি ৰাজাৰ অকাল বিয়োগত শোক...

author-image
Asomiya Pratidin
New Update
একালৰ সাংবাদিক ৰাজুমনি ৰাজাৰ অকাল বিয়োগত শোক...

একালৰ সাংবাদিক ৰাজুমনি ৰাজাৰ অকাল বিয়োগত শোক...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইডঙীয়া ৰাজা গাঁও নিৱাসী ৰাজুমনি ৰাজাৰ আজি দুপৰীয়া গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু হয়। ৪২ বছৰীয়া ৰাজা বৃহস্পতিবাৰে হঠাৎ শ্বাস প্ৰশ্বাস জনিত ৰোগত গুৰুতৰ ভাবে আক্ৰান্ত হৈ পৰে।

Advertisment

লগে লগে পৰিয়ালৰ লোকে তেওঁক চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়ে যদিও শুকুৰবাৰে তেওঁৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। নগাঁও জিলা সত্ৰ ন্যায়ালয়ৰ কৰ্মচাৰী ৰাজুমনি ৰাজাই পূৰ্বে জনসাধাৰণ কাকতৰ বটদ্ৰৱাৰ সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল।

সৰবৰহী, সামাজিক ৰাজুমনি ৰাজাৰ অকাল বিয়োগত নগাঁও জিলাৰ বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। সন্ধিয়া তেওঁৰ নশ্বৰ দেহ নিজ বাসগৃহলৈ অনাৰ পাছত বিভিন্নজনে শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত হৈছে।

মৃত্যুৰ সময়ত ৰাজুমনি ৰাজাই পত্নী, এজন পুত্ৰসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

ক্লিক কৰি পঢ়কঃ মুম্বাইৰ বিৰুদ্ধে আত্মসমৰ্পণ ! তামিলনাডুৰ বিৰুদ্ধে শক্তিশালী হ'বনে অসম? ঘোষণা হ'ল অসম দলটো...

rajumani raja