অৰ্ণমাই বৰা হত্যা, ধৰ্ষণৰ গোচৰত আৰক্ষী বিষয়াই পাইছিল কেন্দ্ৰীয় চৰকাৰৰ পুৰস্কাৰ

অৰ্ণমাই বৰা হত্যা, ধৰ্ষণৰ গোচৰত আৰক্ষী বিষয়াই পাইছিল কেন্দ্ৰীয় চৰকাৰৰ পুৰস্কাৰ

author-image
Asomiya Pratidin
New Update
অৰ্ণমাই বৰা হত্যা, ধৰ্ষণৰ গোচৰত আৰক্ষী বিষয়াই পাইছিল কেন্দ্ৰীয় চৰকাৰৰ পুৰস্কাৰ

অৰ্ণমাই বৰা হত্যা, ধৰ্ষণৰ গোচৰত আৰক্ষী বিষয়াই পাইছিল কেন্দ্ৰীয় চৰকাৰৰ পুৰস্কাৰ

ডিজিটেল ডেস্কঃ ফাঁচিৰ পৰা ৰেহাই পালে অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীয়ে। উল্লেখ্য যে নিম্ন আদালতে অৰ্ণমাই বৰা হত্যাকাণ্ডৰ সৈতে জড়িত মইনুল হকক ফাঁচিৰ নিৰ্দেশ দিছিল।

Advertisment

আনহাতে এই হত্যাৰ সৈতে জড়িত ছেলিম উদ্দিন নামৰ ব্যক্তি এজনক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছিল। নিম্ন আদালতৰ এই ৰায়ক গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰি মইনুল হকক ফাঁচিৰ পৰিৱৰ্তে ৩ বছৰৰ হে কাৰাদণ্ডৰ শাস্তি বিহিলে।

অৱশ্যে ছেলিম উদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে একেমুখে আৰক্ষীক সমালোচনা কৰিছে।

সৰ্বসাধাৰণৰ কথাটো বাদেই প্ৰাক্তন আৰক্ষী শীৰ্ষ বিষয়াও এতিয়া আৰক্ষীক সমালোচনা কৰি সামাজিক মাধ্যমত বিস্ফোৰণ ঘটাইছে। অৰ্ণমাই বৰা হত্যা আৰু ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰিয়েই একাংশ আৰক্ষী বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰস্কাৰ পৰ্যন্ত লাভ কৰিছিল।

কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছত এতিয়া সেই আৰক্ষী বিষয়াসকলৰ পুৰস্কাৰ কি হ'ব? প্ৰাক্তন আই জি পি ভায়লেট বৰুৱাই সামাজিক মাধ্যমৰ জড়িয়তে অৰ্ণমাই বৰা হত্যা আৰু ধৰ্ষণ কাণ্ডৰ সন্দৰ্ভত ফেচবুকত লিখিছে এইদৰে-

''অৰ্ণমাই বৰা হত্যা গোচৰৰ দোষীয়ে শাস্তিৰ পৰা ৰেহাই পালে। মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে সঠিক প্ৰমাণৰ অভাবত দোষীক বলৎকাৰ আৰু হত্যাৰ দোষৰ পৰা মুক্ত বুলি আদেশ দিছে।

এতিয়া কথা হ’ল, পুলিচে ঘটনাৰ পিচদিনাই ক্ষিপ্ৰতাৰে (?) দোষীক ধৰি অতি সোনকালে তদন্ত সামৰি (সঠিক ভাবে নে?) প্ৰতিবদন দাখিল কৰিলে আৰু আদালতেও অতি কম দিনৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া শেষ কৰি দোষীক শাস্তিৰ আদেশ দিলে।

ইয়াকে লৈ পুলিচ মহলত আনন্দৰ হৈ চৈ লগাৰ উপৰিও কেইজনমান পুলিচ বিষয়াই এই সুযোগতে আকৌ কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰষ্কাৰ পৰ্যন্ত আজুৰি আনিলে।এতিয়া পিচে কি হ'ব? ৰাইজৰ প্ৰচণ্ড ক্ষোভ প্ৰসমিত কৰিবলৈকে এইয়া কৰা হৈছিল নেকি।

বিয়াগোম পুলিচ বিষয়া, বিয়াগোম CID বিভাগ আদি থাকোতে এনে হ'ব পায় নে? কেচ এটা যদি পুলিচ তদন্তৰ গাফিলতিৰ বাবে দোষীয়ে আদালতত নিৰ্দোষী বুলি ৰেহায় বা মুক্তি পায় তেনে ক্ষেত্ৰত তদন্তকাৰী পুলিচ বিষয়াই শাস্তিৰ সন্মুখিন হ’ব লাগে, পুলিচৰ নিয়ম অনুসৰি।

পালমৰা তদন্ত, আদালতত সঠিক প্ৰমাণ দাখিলত ব্যৰ্থ, পুৰষ্কাৰ, পুলিচ বিষয়াৰ শাস্তি, ইত্যাদিবোৰ বাদ দিলো বাৰু, কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৰ কি হ’ব, ন্যায় কেনেকৈ পাব? নে পুলিচ বিভাগটোৱে appeal ৰ বাবে ব্যৱস্হা কৰিব, যদি সৎ সাহস আছে।ৰাইজৰ জনাৰ অধিকাৰ আছে।ৰাজকীয় সাজ পাৰ পিন্ধাই বুকুৱে পিঠিয়ে মাদলী আৰিবলৈ ৰাইজে এনেয়ে পোহ পাল দি ৰখা নাই নহয়।''

ক্লিক কৰি পঢ়কঃ হাৰিভাঙাত নলবাৰী জিলা সভাৰ শিল্পী দিৱস পালন

অৰ্ণমাই বৰা ভায়লেট বৰুৱা