হাৰিভাঙাত নলবাৰী জিলা সভাৰ শিল্পী দিৱস পালন

জাতীয় ভাষা, সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰেৰে আমাৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব লাগিব
হাৰিভাঙাত নলবাৰী জিলা সভাৰ শিল্পী দিৱস পালন

ডিজিটেল সংবাদ, নলবাৰী : ‘‘অসমীয়া জাতিৰ ভাষা-সংস্কৃতিৰ প্ৰতি অহা প্ৰত্যাহ্বন আমি নেওচিব লাগিব । আমাৰ বাবে সেই প্ৰেৰণা জ্যোতিপ্ৰসাদ আগৰৱালাই ইতিমধ্যে দি গৈছে । জাতীয় ভাষা, সংস্কৃতিৰ চৰ্চা আৰু প্ৰচাৰেৰে আমাৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব লাগিব ।’’–এই মন্তব্য প্ৰবীণ সংগীতশিক্ষাব্ৰতী মধুসূদন ঠাকুৰীয়াৰ ।

টিহুৰ ওচৰৰ হাৰিভাঙা সভাৰ খলাত ১৭ জানুৱাৰীত হাৰিভাঙা শাখা সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰী জিলা সভাৰ সৌজন্যত সংস্কৃতিৰ পূজাৰী, সংস্কৃতিৰ ধাৰক, চিৰ পূজ্য ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মৃতিদিৱসটো জ্যোতিদিৱস হিচাপে পালন কৰা হয় । এই উপলক্ষে হাৰিভাঙা গ্ৰামোন্নয়ন সমিতিৰ মুকলি সভাঘৰত আয়োজিত সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বিশিষ্ট সংগীতশিক্ষাব্ৰতীগৰাকীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন-কৰ্ম আৰু জাতীয় চেতনা সন্দৰ্ভতো ভাষণ প্ৰদান কৰে ।

হাৰিভাঙা শাখা সাহিত্য সভাৰ সভাপতি পৰেশ চন্দ্ৰ বৰ্মনৰ পৌৰোহিত্যত হোৱা সভাখন আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই । সভাত বিশিষ্ট শিক্ষাব্ৰতী নলিনীকান্ত শৰ্মা, লেখক সুৰেন্দ্ৰনাথ কলিতা, টিহু মহাবিদ্যালয়ৰ অৱসৰীয়া উপাধ্যক্ষ ভৱেশ চন্দ্ৰ দাস, হাৰিভাঙা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি হৰেন্দ্ৰনাথ হালৈ আৰু বিশিষ্ট সমাজকৰ্মী জ্যোতিৰ্ময় শৰ্মাই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে ।

হাৰিভাঙা শাখা সাহিত্য সভাৰ সম্পাদক ৰূপজ্যোত কলিতা, সহকাৰী সম্পাদক দীপ ডেকা, সাহিত্যসেৱী অজিত ভট্টাচাৰ্য, তৰুণ বৰ্মন, ৰামদাস কলিতাৰ বিশেষ পৰিচালনাৰে হোৱা এই সভাত ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মুকুন্দ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ মঞ্জু হালৈ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট লোকে ভাগ লয় ।

‘চিৰ চেনেহী মোৰ ভাষা জননী’ বৃন্দগীতেৰে আৰম্ভ হোৱা সভাখনত সভাৰ পূৰ্বে হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম স্থান প্ৰাপক গুণগুণ ডেকা, দ্বিতীয় স্থান প্ৰাপক বনশ্ৰী কলিতা, তৃতীয় স্থান প্ৰাপক বিশাল কলিতা; ‘খ’ শাখাৰ প্ৰথম স্থান প্ৰাপক মানস প্ৰতিম কলিতা, দ্বিতীয় স্থান প্ৰাপক জুলিষ্মিতা ডেকা, তৃতীয় স্থান প্ৰাপক ময়ূৰী শাণ্ডিল্য; ‘গ’ শাখাৰ দ্বিতীয় স্থান প্ৰাপক নিজৰা ডেকা, তৃতীয় স্থান প্ৰাপক হিমা কলিতা আৰু ৰামদাস কলিতা তথা বিচাৰকৰ বিশেষ বঁটা প্ৰাপক নিৱেদিতা ডিম্পলক বঁটা প্ৰদান কৰা হয় । আকৌ জ্যোতিসংগীতৰ গীতৰ আধাৰত হোৱা একক নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ৰিম্পী নাথ, দ্বিতীয় স্থান লাভ কৰা ৰিচামণি ঠাকুৰীয়া আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিমা বড়োকো এই সভাত বঁটা প্ৰদান কৰা হয় ।

সভাত প্ৰণীতা হালৈ, মানস প্ৰতিম কলিতা আৰু মিন্ময় মিশ্ৰই জ্যোতি সংগীত পৰিৱেশন কৰি অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে । ইয়াৰ পূৰ্বে পুৱাৰ ভাগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই জ্যোতিদিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

স্মৃতি তৰ্পণ কৰে হাৰিভাঙা শাখা সাহিত্য সভাৰ সভাপতি পৰেশ চন্দ্ৰ বৰ্মন, উপ সভাপতি ৰাজেন্দ্ৰনাথ শৰ্মা আৰু হাৰিভাঙা শ্ৰীশ্ৰীকলীয়া গোসাঁই মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক গণেশ কলিতাই । বিভিন্ন বিভাগৰ প্ৰতিযোগিতা উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ মঞ্জু হালৈয়ে ।সৰ্বশেষত অসম সংগীতেৰে অনুষ্ঠান সামৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in