Advertisment

প্ৰখ্যাত ক্ৰিকেট খেলুৱৈ,শিল্পী অলক চক্ৰৱৰ্তীৰ মৃত্যু

চক্ৰৱৰ্তীৰ মৃত্যুত বিলাসীপাৰাত শোক

author-image
Asomiya Pratidin
New Update
প্ৰখ্যাত ক্ৰিকেট খেলুৱৈ,শিল্পী অলক চক্ৰৱৰ্তীৰ মৃত্যু

প্ৰখ্যাত ক্ৰিকেট খেলুৱৈ,শিল্পী অলক চক্ৰৱৰ্তীৰ মৃত্যু

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ প্ৰখ্যাত ক্ৰিকেট খেলুৱৈ,শিল্পী অলক চক্ৰৱৰ্তীৰ মৃত্যু। বিলাসীপাৰা ১৩ নম্বৰ ৱাৰ্ডৰ নিৱাসী অলক চক্ৰৱৰ্তীয়ে যোৱা ২০ ডিচেম্বৰত পুৱা নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। চক্ৰৱৰ্তীয়ে যোৱা দুই দশক ধৰি চহৰখনৰ বিভিন্ন সামাজিক কাম কাজত জড়িত থকাৰ উপৰিও তেঁও এসময়ত চিত্ৰকৰ তথা ফুটবল,ক্ৰিকেট খেলুৱৈ হিচাপে যথেষ্ট সমাদৰ লাভ কৰিছিল।

Advertisment

চক্ৰৱৰ্তীয়ে অভিনেতা হিচাপে ভালেমান থিয়েটাৰ আৰু ৰজা হৰিচন্দ্ৰ নাটকত অভিনয় কৰি যথেষ্ট প্ৰশংসা বুলিবলৈ সক্ষম হৈছিল। সকলো কামতে আগৰণুৱা তথা উদাৰ মনৰ শিল্পীগৰাকীৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান,ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।

অমায়িক,নম্ৰ আৰু অতিকৈ ভদ্ৰোচিত শিল্পীগৰাকীয়ে মৃত্যৰ সময়ত তেঁওৰ পত্নী,দুই পুত্ৰ,বোৱাৰী,নাতি,ভাতৃ আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৭৯ বছৰ।

আৰু পঢ়কঃ নিয়োগৰ ক্ষেত্ৰত দক্ষতা বিকাশ পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যতঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

assam bilashipara