/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/73c4ff13-40b3-41cc-9931-0db8415bbd35/jmb1.jpg)
মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
ডিজিটেল ডেস্কঃ বুধবাৰে চীড মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে অসম বিধানসভাৰ সদস্যৰ এটা দলে গড়চুক গুৱাহাটীত অৱস্থিত উত্তৰ পূৰ্বাঞ্চল দক্ষতা কেন্দ্ৰ পৰিদৰ্শন কৰে আৰু কেন্দ্ৰটোত চলি থকা বিভিন্ন পাঠ্যক্ৰম সন্দৰ্ভত বিভাগীয় বিষয়াসকলে বিধায়কসকলক অৱগত কৰায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/458d433b-688e-4689-9101-945015dac783/870e8d42_6eae_4e2a_b037_39f6653c708e.jpg)
এই উপলক্ষে ভাষণ দি , মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে ৰাজ্যৰ ভৱিষ্যতৰ নিয়োগ পৰিস্থিতিক উল্লেখযোগ্যভাৱে সলনি কৰিব পৰাকৈ বিভাগটোৰ সামৰ্থ্য আৰু যোগ্যতা আছে। অহা ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থকা দৰং জিলাত অসম দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণৰ সন্দৰ্ভতো মন্ত্ৰী বৰুৱাই আজিৰ এই সভাটেই বিধায়কসকলক অৱগত কৰোৱাই।
মন্ত্ৰী বৰুৱাই প্ৰতিখন জিলাতে ‘জিলা কৌশল বিকাশ কেন্দ্ৰ’ গঢ়ি তোলাৰ গুৰুত্বৰ সম্বন্ধে মত আৰোপ কৰি কয় যে অনাগত দিনত আদৰ্শ কেৰিয়াৰ পৰিষদ কেন্দ্ৰই যুৱক-যুৱতীসকলক বিভিন্ন কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰাত সহায় কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3f7be15f-e5fd-4636-b98b-23ff03445ed3/13da03e3_df5e_4dc5_9a38_6ba138a82686.jpg)
মন্ত্ৰী বৰুৱাই দক্ষতা বিকাশ বিভাগে টাটা, তাজ , এল এণ্ড টি আদি বিভিন্ন সুনামধন্য সংস্থাৰ সৈতে স্বাক্ষৰিত বিভিন্ন বুজাবুজি চুক্তিৰ কথাও আঙুলিয়াই দিয়ে কয় যে এই কাৰ্য্যই দক্ষতা প্ৰশিক্ষণৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব আৰু যুৱক-যুৱতীসকলৰ বাবে পৰ্যাপ্ত চাকৰিৰ সুবিধা প্ৰদান কৰিব।
মন্ত্ৰী বৰুৱাই কয় "নিয়োগৰ ক্ষেত্ৰত দক্ষতা বিকাশ পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যত। আমাৰ বেছিভাগ যুৱকে নিজৰ জন্মস্থানত কৰ্মসংস্থাপন বিচাৰি পোৱাটো পছন্দ কৰে কিন্তু সুযোগৰ অভাৱত তেওঁলোকে বেলেগ ডাঙৰ চহৰলৈ ওলাই যাবলৈ বাধ্য হয় কিন্তু আমি স্থানীয়ভাৱে যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দি পৰম্পৰাগত স্থানীয় অৰ্থনীতিৰ সৈতে খাপ খুৱাই তেওঁলোকক তেওঁলোকৰ জন্মস্থানৰ ভিতৰত উন্নত নিয়োগৰ সুযোগ বিচাৰি উলিয়াবলৈ সহায় কৰিব পাৰো"।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/0f57f374-2179-4c54-83b3-bebb08dc4f00/d780a548_d1c0_4c8b_acd3_cbffd955d57e.jpg)
উল্লেখনীয় যে,আই টি ই এডুকেচন চাৰ্ভিচেছ (আই টি ই ই এছ), ছিংগাপুৰৰ সহযোগত স্থাপন কৰা এন ই এছ চিয়ে অসম দক্ষতা বিকাশ অভিযানৰ (এ এছ ডি এম) তত্বাৱধানত কাম কৰি আছে আৰু অসম ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ মানসম্পন্ন দক্ষতা প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিবলৈ কাম কৰি আহিছে। এন ই এছ চিয়ে বছৰি ৪০০ জন প্ৰাৰ্থীক চাৰিটা শাখা অৰ্থাৎ - খাদ্য আৰু পানীয় সেৱা, আতিথ্য- গৃহ পৰিচালনা, খুচুৰা সেৱা, আৰু সৌন্দৰ্য্য আৰু সুস্থতাত প্ৰশিক্ষণ দিয়ে লগতে ই ছাত্ৰ-ছাত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰশিক্ষণৰ অভিজ্ঞতা লাভ কৰিবলৈ সুসজ্জিত লেবৰ সৈতে এক অত্যাধুনিক সুবিধাও আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6a342c4c-c0f5-4b0e-af0b-e001f451ce29/65ad32de_cec6_41d3_b689_67dceee03992.jpg)
আজিৰ এই অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন আৰু উৰ্খাও গৌড়া ব্ৰহ্ম ব্ৰহ্মৰ লগতে প্ৰায় ৬০ গৰাকী বিধায়কে অংশগ্ৰহণ কৰে ।