টিকট নোপোৱাৰ বাবে কংগ্ৰেছ এৰি বিজেপিত যোগদান প্ৰাক্তন বিধায়িকাৰ...

গুজৰাট বিধানসভা নিৰ্বাচন সমাগত। এই সময়চোৱাত প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। লগতে অব্যাহত আছে দল বাগৰা ৰাজনীতি।

author-image
Asomiya Pratidin
New Update
টিকট নোপোৱাৰ বাবে কংগ্ৰেছ এৰি বিজেপিত যোগদান প্ৰাক্তন বিধায়িকাৰ...

প্ৰতিকী ফটো

ডিজিটেল ডেস্ক: গুজৰাট বিধানসভা নিৰ্বাচন সমাগত। এই সময়চোৱাত প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। লগতে অব্যাহত আছে দল বাগৰা ৰাজনীতি।

Advertisment

ইতিমধ্যে গুজৰাটৰ কেইবাগৰাকী কংগ্ৰেছ নেতা যোগদান কৰিছে বিজেপিত। পুনৰ এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে কৰিলে দলত্যাগ। গুজৰাটৰ দেহগাম সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা কামিনী বা ৰাঠৌৰে মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিত (বিজেপি) যোগদান কৰে।

আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ কংগ্ৰেছে টিকট দিয়া নাছিল নেত্ৰী গৰাকীক। তাৰ পাছতেই ত্যাগ কৰিছিল কংগ্ৰেছ। পাছত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও প্ৰত্যাহাৰ হৈছিল। কিয়নো এইটো স্পষ্ট হৈছিল যে তেওঁ গেৰুৱা দলটোত যোগদান কৰিবলৈ ওলাইছিল।

বিজেপিত যোগদান কৰাৰ পিছত কামিনী বায়ে কয়, "কংগ্ৰেছত জ্ঞানী আৰু অভিজ্ঞ নেতা সকলৰ কণ্ঠস্বৰ দমন কৰা হৈছে। মোৰ ক্ষেত্ৰতো একেই ঘটিছিল। এগৰাকী মহিলাৰ কণ্ঠস্বৰ দমন কৰাৰ চেষ্টা কৰা হৈছিল। মই বিজেপিত যোগদান কৰিছো কিয়নো বিজেপিয়ে প্ৰতিজন কৰ্মীক মাত দিয়া আৰু ঐক্যবদ্ধভাৱে কাম কৰাত বিশ্বাস কৰে।"

উল্লেখ্য যে, গুজৰাটত দুটা পৰ্যায়ত নিৰ্বাচন ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব।

আৰু পঢ়ক: ''মই মোৰ পত্নীক হত্যা কৰিছো'' আৰক্ষীলৈ এটা ফোন আৰু পাছত...

bjp gujarat congress