সাম্প্ৰদায়িক মন্তব্য কৰা আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

সাম্প্ৰদায়িক মন্তব্য কৰা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া চলাবলৈ আৰক্ষীক নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৷
সাম্প্ৰদায়িক মন্তব্য কৰা আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ নিৰ্দেশ

ডিজিটেল ডেস্ক: সাম্প্ৰদায়িক মন্তব্য কৰা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া চলাবলৈ আৰক্ষীক নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৷ বুধবাৰে বিশেষ ন্যায়িক দণ্ডাধীশ প্ৰাণজিত হাজৰিকাৰ আদালতে অসম জাতীয় পৰিষদৰ এখন আৱেদনৰ শুনানি গ্ৰহণ কৰে। এই শুনানিত আজমলৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটীৰ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক উক্ত নিৰ্দেশনা প্ৰদান কৰে৷ অসম জাতীয় পৰিষদৰ হৈ আদালতৰ দ্বাৰস্থ হৈছিল দলৰ উপসভাপতি দুলু আহমেদ৷

উল্লেখযোগ্য যে সাংসদ আজমলে যোৱা ২ ডিচেম্বৰৰ দিনা কৰিমগঞ্জত চূড়ান্ত সাম্প্ৰদায়িক তথা ধৰ্মীয় বিবাদ সৃষ্টিকাৰী বক্তব্য প্ৰদান কৰি দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল৷ ৰাজ্যৰ ভিতৰত তথা বাহিৰত উক্ত বক্তব্যৰ বাবে নিন্দাৰ সন্মুখীন হৈছিল আজমল ৷ অসম জাতীয় পৰিষদে আজমলক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন থানাত মুঠ ১৪খন এজাহাৰ দাখিল কৰিছিল৷ অন্যান্য দল-সংগঠনেও আজমলৰ গ্ৰেপ্তাৰৰ দাবী তুলিছিল৷ কিন্তু অসম আৰক্ষীয়ে আজমলৰ বিৰুদ্ধে একো আইনগত ব্যৱস্থা গ্ৰহণ নকৰিলে৷

অসম আৰক্ষীৰ উক্ত নেতিবাচক ভূমিকাত ক্ষুব্ধ হৈ আদালতৰ কাষ চাপে অসম জাতীয় পৰিষদে৷ দলৰ হৈ উপসভাপতি দুলু আহমেদে যোৱা ৯ ডিচেম্বৰৰ দিনা ভাৰতীয় দণ্ড সংহিতা (চি আৰ পি চি)ৰ ১৫৬(৩) ধাৰাৰ অধীনত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে গোচৰ ৰুজো কৰে৷ আজি আদালতে গোচৰটোৰ শুনানি লৈ গোচৰটো বিচাৰৰ বাবে গ্ৰহণ কৰে আৰু আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিয়ে৷

আৰু পঢ়ক: অপৰাধ সংঘটিত কৰাৰ ৮ মাহৰ ভিতৰতে শাস্তিমূলক ৰায়দান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in