হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা নৱজাগ্ৰত অৰুনাদয় ফুটবল টুৰ্ণামেন্ট...

ছেমি ফাইনেলত ৫-৩ গ'লৰ ব্যৱধানত ৰংচাই দলক পৰাস্ত কৰিলে কঠালবাৰী ফুটবল দলে

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা নৱজাগ্ৰত অৰুনাদয় ফুটবল টুৰ্ণামেন্ট...

প্ৰতিকী ফটো

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ফুটবল প্ৰতিযোগিতা। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হৈছে ফুটবল প্ৰতিযোগিতা।

Advertisment

উল্লেখ্য যে, বিগত দুই মাহ ধৰি চলি থকা নৱজাগ্ৰত অৰুনোদয় ফুটবল টুৰ্ণামেণ্টৰ বুধবাৰে প্ৰথম ছেমি ফাইনেল খেলখন অনুষ্ঠিত হয়। মুঠ ৩২ টা দলৰ মাজত অনুষ্ঠিত হোৱা টুৰ্ণামেন্টৰ আজি প্ৰথম ছেমি ফাইনেল খেলখন কঠালবাৰী ফুটবল দল আৰু গোৱালপাৰা জিলাৰ ৰংচাই ফুটবল দলৰ মাজত অনুষ্ঠিত হয়।

ৰোমাঞ্চকৰ খেলখনত ৰংচাই দলে কঠালবাৰীক ৩ টা গ'ল দিয়াৰ বিপৰিতে কঠালবাৰী দলে ৫ টা গ'ল দি ৰংচাই দলক পৰাস্ত কৰে। আনহাতে আয়োজক সমিতিয়ে জনোৱা অনুসৰি অহা ১৮ নৱেম্বৰত দ্বিতীয় ছেমি ফাইনেলখন ফুলেৰচৰ আৰু পুৰাণদিয়াৰা ফুটবল দলৰ মাজত অনুষ্ঠিত হ'ব। উল্লেখ্য যে, প্ৰথম ছেমি ফাইনেল খেলখনত প্ৰায় ৩০ সহস্ৰাধিক দৰ্শকৰ সমাগম হয়।

আৰু পঢ়কঃ গহপুৰত ৰাষ্ট্ৰীয় প্ৰেছ-দিৱস পালনঃ ভুৱন শইকীয়ালৈ বিশেষ সন্মান

assam football SouthSalmara