/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c6342854-f249-4eb2-a0c3-594bc9b74daa/foo.jpg)
বকোত জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা
ডিজিটেল সংবাদ, ছমৰীয়াঃ ৰাভা জনগোষ্ঠীৰ জাতীয় উত্তোৰণৰ স্বাৰ্থত সংগ্ৰাম কৰি বিকাশ সাধন কৰা জননেতা সব্যসাচী ৰাভাৰ একবিংশ বাৰ্ষিক মৃত্যু তিথি পালনৰ লগত সংগতি ৰাখি বিগত বছৰবোৰৰ দৰে এইবছৰো আয়োজন কৰা হৈছে ফুটবল প্ৰতিযোগিতা।
আয়োজক সমিতিয়ে জনোৱা মতে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে দশম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা। ৩০ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব লগা এই ফুটবল প্ৰতিযোগিতাখনিৰ আজি শুভ উদ্ধোধন কৰে বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতাই।
ইয়াৰ পিছতে ফুটবল প্ৰতিযোগিতাখনিৰ প্ৰথমখন উদ্ধোধনী খেল অনুষ্ঠিত হয়। প্ৰথমখন খেল অনুষ্ঠিত হয় কামৰূপা ফুটবল দল আৰু নাংবাগ ফুটবল দলৰ মাজত। উদ্ধোধনী খেলখনত ২-০ গ'লত নাংবাগ ফুটবল দলক পৰাস্ত কৰি কামৰূপা ফুটবল দল জয়ী হ'বলৈ সক্ষম হয়।
আৰু পঢ়কঃ বিজয় হাজাৰে ট্ৰফীৰ ছেমি ফাইনেলত থমকিল অসমৰ বিজয় ৰথ...