/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c92a0524-180a-4a9e-9594-a40ba9562329/asa.jpg)
বিজয় হাজাৰে ট্ৰফীৰ ছেমি ফাইনেলত থমকিল অসমৰ বিজয় ৰথ
ডিজিটেল ডেস্কঃ দীৰ্ঘ বিৰতিৰ মূৰত সুযোগ পায়ো যেন বিধিৰ বিপাক অসম ক্ৰিকেট দলৰ। অসমৰ ক্ৰিকেট অনুৰাগীৰ মনত যেন ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধিৰ লেখীয়া হ'ল বিজয় হাজাৰে ট্ৰফীত। বিজয় হাজাৰে ট্ৰফীৰ ছেমি ফাইনেলত থমকিল অসমৰ বিজয় ৰথ।
এলিট গ্ৰুপৰ মেচত অসমে শক্তিশালী দলসমূহক পৰাস্ত কৰি পৰ্যায় ক্ৰমে উপনীত হৈছিল কোৱাৰ্টাৰ ফাইনেলত। কোৱাৰ্টাৰতো জন্মু-কাশ্মীৰক পৰাস্ত কৰি ছেমি ফাইনেলৰ পথ সুগম কৰিছিল অসমে। সদ্যসমাপ্ত ছেমি ফাইনেলত অসম মুখামুখি হৈছিল শক্তিশালী মহাৰাষ্ট্ৰৰ বিপক্ষে। ৰুতুৰাজ গায়কৱাড়, ৰাহুল ত্ৰিপাঠী আদি তাৰকাৰে গঠিত মহাৰাষ্ট্ৰক পৰাভূত কৰাটো মুখৰ কথা নহয়। তথাপি শেষ মুহুৰ্তলৈকে যুঁজ অব্যহত ৰাখিছিল অসমে।
উল্লেখ্য যে, শতক বঞ্চিত স্বৰূপমে মাজৰ পিনে দলক জয়ৰ কাষ চপাই নিয়ে যদিও ব্যক্তিগত ৯৫ ৰানত পেভিলিয়নমুখী হয়। মহাৰাষ্ট্ৰই অসমক জয়ৰ বাবে বান্ধি দিয়া ৩৫১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ ৩৩৮ ৰানত থমকি ৰয় অসমৰ জয় যাত্ৰা। অপেনিঙ যুটি ব্যৰ্থ হ'লেও মিডল অৰ্ডাৰত ঋষভ দাসৰ দৃঢ়তাপূৰ্ণ বেটিং আৰু শিৱশঙ্কৰ ৰয়ৰ অৰ্ধশতকে অসমৰ বাবে আশাৰ সঞ্চাৰ কৰিছিল যদিও অৱশেষত দুয়ো পেভিলিয়নমুখী হয়। মাত্ৰ ১২ৰানৰ বাবে ছেমি ফাইনেলত পৰাজয়বৰণ কৰি অসমে বিজয় হাজাৰে অভিযানৰ সামৰণি মাৰে।
আৰু পঢ়কঃ দলবদ্ধ ধৰ্ষণ, পৰিয়ালৰ ৯ জনক হত্যা! দোষীৰ মুক্তিৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত বিলকিছ বানো