/asomiyapratidin/media/media_files/2025/12/06/new-ap-web-2-18-2025-12-06-08-55-52.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ বিভিন্ন সময়ত ধেমাজিলৈ ৰেল সেৱা যোগে অহা চৰকাৰী চাউল হৰলুকি
হোৱা অভিযোগ উঠা সময়তে ভাৰতীয় খাদ্য নিগম ধেমাজি শাখাৰ গুদামৰ পৰা ইতিমধ্যে বহু হাজাৰ কুইন্টল চৰকাৰী চাউল হৰলুকি কৰাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহা ঘটনাই ধেমাজিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ বিৰুদ্ধে হোৱা অনিয়মৰ অভিযোগ অনুসৰি ধেমাজিস্থিত ভাৰতীয় খাদ্য নিগমৰ গুডামৰ পৰা কৌশলেৰে হৰলুকি হৈছে চৰকাৰী সুলভ মূল্যৰ ২৬ হাজাৰ ৮০০ বেগ চাউল অৰ্থাৎ ১৩ হাজাৰ কুইণ্টল চাউল ৷ এই বৃহৎ পৰিমাণৰ চাউলৰ বৰ্তমানৰ ইয়াৰ বজাৰ মূল্য ৫ কোটি ২০ লাখ টকাৰ হ'ব ৷
ভাৰতীয় খাদ্য নিগমৰ গুদাম গৃহটো ধেমাজিত আছে যদিও এই গুদাম গৃহটোৰ কাম-কাজ লখিমপুৰ কাৰ্য্যালয়ৰ পৰা চোৱাচিতা কৰে ৷ ইতিমধ্যে ভাৰতীয় খাদ্য নিগমৰ লখিমপুৰৰ কাৰ্য্যালয়ৰ পৰা জানিব পৰা মতে, অভিযোগৰ ভিত্তিত ভাৰতীয় খাদ্য নিগমৰ এক উচ্চস্তৰীয় তদন্তকাৰী দলে ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ৰ গুদাম গৃহত তদন্ত চলাই এই ভয়ংকৰ অনিয়ম ধৰা পেলায়।
তাৎক্ষণিকভাৱে ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ ভাৰপ্ৰাপ্ত দায়িত্বত থকা বহু বিতৰ্কিত বিষয়া কৰ্মচাৰী ৰাকেশ দাস সহ অন্য ৫ কৰ্মচাৰীক ইতিপূৰ্বে নিলম্বন কৰে। ইপিনে ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ গুডামৰ সকলো ফাইল আৰু তথ্যযুক্ত কাগজ-পত্ৰ জব্দ কৰি এই বৃহৎ কেলেংকাৰীটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে ৷
লক্ষ্যণীয় যে, উত্তৰ লক্ষীমপুৰস্থিত ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰা নিয়ন্ত্ৰিত চৰকাৰৰ অভিলাষী আঁচনি-যোজনাৰ অধীনৰ হাজাৰ হাজাৰ কুইণ্টল সুলভ মূল্যৰ চাউল কিদৰে বিভাগীয় কৰ্মচাৰীয়ে হৰলুকি কৰিবলৈ সক্ষম হ'ল সেয়া সম্প্ৰতি কোটিটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৷
ইফালে দীৰ্ঘদিনধৰি সংঘটিত কৰি অহা এই বিয়াগোম সুলভ মূল্যৰ চাউল কেলেংকাৰীৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই দুখীয়াৰ তেজ শুহি খোৱা এই কেলেংকাৰীটোত বহু ৰৌ - বৰালি প্ৰত্যক্ষভাৱে জড়িত বুলি অভিযোগ কৰে।
সঠিক তদন্ত কৰিলে বহু উচ্চ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী, জনপ্ৰতিনিধি, সমবায় সমিতিসমূহৰ সভাপতি- সচিবকে ধৰি বহু কৰ্মচাৰী এই বিয়াগোম কেলেংকাৰীত লেটিপেটি হৈ থকাৰ তথ্য উদ্ধাৰ হ'ব বুলি দাবী কৰে৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীয়ে এই কেলেংকাৰীত জড়িত প্ৰতিজন দোষীক দৃষ্টামূলক শাস্তি বিহিবলৈ দাবী জনায়।
তদন্তৰ নামত ভেকোভাওনা নকৰিবলৈও সকলো পক্ষকে সকীয়াই দিয়ে ৷ তেওঁ দাবী কৰা মতে এই বিয়াগোম কেলেংকাৰী তদন্ত কৰিলে বহু কেইজন বিষয়া কৰ্মচাৰী লগতে বহু কেইখন সমবায় সমিতিৰ কৰ্মকৰ্তাৰ কেলেংকাৰীও পোহৰলৈ অহা সম্ভাৱনা আছে বুলিও উল্লেখ কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us