
ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্রখ্যাত বাঁহীবাদক দীপক শৰ্মা গুৰুতৰভাৱে অসুস্থ। অসুস্থ শিল্পীগৰাকী বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে, শিল্পীগৰাকীক ৩ দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ শৰীৰ বহু কেইটা অংগ বিকল হৈ পৰিছে।
জানিব পৰা মতে বাঁহীবাদকগৰাকীৰ যকৃত, বৃক্ক আৰু হৃদযন্ত্ৰ সংক্ৰান্তীয় ৰোগত আক্ৰান্ত হৈছে। বৰ্তমান তেওঁৰ দুগৰাকী বিশেষজ্ঞ চিকিৎসক ক্ৰমে ভৱদেৱ গোস্বামী আৰু চন্দন মোদকৰ তত্বাৱধানত চলিছে চিকিৎসা।
ইফালে শিল্পীগৰাকীৰ চিকিৎসা অতি ব্যয়বহুল হোৱাৰ বাবে আৰ্থিক সমস্যাৰো সৃষ্টি হৈছে। তেওঁ ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে আৰ্থিক সহায়।
ক্লিক কৰি পঢ়কঃ 'বেদুইনৰ পৃথিৱীত ফুটবলৰ ঢৌ' উন্মোচন...