/asomiyapratidin/media/media_files/2025/03/14/exjhVBhEbJchWd1jIkA0.jpg)
আৱতৰীয়া বান
ডিজিটেল সংবাদ,ঘিলাধাৰী: যোৰহাট জিলা অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজানত আৱতৰীয়া বান। বানৰ কবলত পৰি ৰাইজৰ বিস্তৰ ক্ষতিসাধন হোৱা দেখা গৈছে৷ বৃহস্পতিবাৰৰ নিশা নগা পাহাৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বেকাজান নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ পঞ্চায়তখনৰ ৬ নং ৱাৰ্ডৰ গোহাই গাঁৱৰ কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী বানে বিস্তৰ ক্ষতিসাধন কৰে৷ নিশা নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত ঘৰৰ ভিতৰত পানী আৰু বালি পলস সোমোৱাত ঘৰৰ সমস্ত বয়বস্তু নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে ৰাইজে৷