দক্ষিণ গাৰো পাহাৰত ৰুষ্ট প্ৰকৃতিঃ ভূমিস্খলনত নিহত ১০ জন

বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত এটা পৰিয়ালৰ ৭ জনকে ধৰি কমেও ১০ জন লোকৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
দক্ষিণ গাৰো পাহাৰত ৰুষ্ট প্ৰকৃতিঃ ভূমিস্খলনত নিহত ১০ জন

ডিজিটেল ডেস্কঃ প্ৰাকৃতিক দুৰ্যোগে বিধ্বংসী ৰূপ ধাৰণ কৰিছে মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাত। ২৪ ঘন্টাত বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত এটা পৰিয়ালৰ ৭ জনকে ধৰি কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। বানৰ ফলত বহু লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে নদ-নদীৰ জলপৃষ্ঠ।

Advertisment

বহু ঠাইত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে।জানিব পৰা মতে, হাটিয়াছিয়া ছংমা নামৰ এখন দুৰ্গম গাঁৱত বাস কৰা এটা ৭ জনীয়া পৰিয়াল ধ্বংসাৱশেষৰ তলত পুত খায়। ফলত পৰিয়ালটোৰ ৭জনকৈ সদস্য নিহত হয়। নিহতসকলৰ ভিতৰত আছে ৩ টা শিশু।

গাৰো পাহাৰৰ ৫খন জিলাৰ পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। ডালুত ৩জন আৰু হাতিয়াছিয়া ছংমাত ৭ জন লোকৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰে চাংমাই।

লগতে দুৰ্যোগত প্ৰভাৱিত সকলৰ প্ৰতি সহানুভূতি দেখুৱায়। উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালক তাৎক্ষণিকভাৱে এককালীন সাহাৰ্য প্ৰদান কৰিব দিয়ে। ইয়াৰোপৰি এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীক অধিক ক্ষতিগ্ৰস্ত অঞ্চল সমূহত অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে।

Also Read: গোৱালপাৰাৰ মৌলবাদীৰ ঘাটিত নিয়া ৰ অভিযানঃ এজনক গ্ৰেপ্তাৰ

flood meghalaya