প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনঃ ৪১৩গৰাকী অপৰাধী, ৪৫০গৰাকী প্ৰাৰ্থী কোটিপতি...

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনঃ ৪১৩গৰাকী অপৰাধী, ৪৫০গৰাকী প্ৰাৰ্থী কোটিপতি...

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰায় সাজু ২১খন ৰাজ্যৰ ১০২টা লোকসভা সমষ্টি। ইতিমধ্যে পলিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে গন্তব্যস্থলীলৈ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৬২৫গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। এই প্ৰাৰ্থীসকলৰ ভিতৰত অপৰাধমূলক গোচৰ থকা প্ৰাৰ্থীৰ সংখ্যা হৈছে ২৫২গৰাকী। গুৰুতৰ অপৰাধমূলক গোচৰ থকা প্ৰাৰ্থী আছে ১৬১গৰাকী।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক অপৰাধজনিত গোচৰ থকা প্ৰাৰ্থী আছে বিজেপিত।  প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত দলটোৰ ৭৭গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৮গৰাকী লঘু আৰু ১৪গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে।  ইফালে কংগ্ৰেছতো ৫৬গৰাকী প্ৰাৰ্থীৰ ভিতৰত  ১৯গৰাকীৰ বিৰুদ্ধে লঘু আৰু ৮গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধজনিত গোচৰ পঞ্জীয়ন হৈ আছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা বি এছ পি দলৰ ৮৬গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১গৰাকীৰ বিৰুদ্ধে লঘু আৰু ৮গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে। লক্ষ্যণীয়ভাৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮৮৯গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ইয়াৰে ৮৬গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে লঘু আৰু ৬৪গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ গোচৰ পঞ্জীয়ন হৈ আছে। নিদৰ্লীয় ১২৪গৰাকী প্ৰাৰ্থী কোটিপতি বুলিও এ ডি আৰৰ তথ্যত প্ৰকাশ পাইছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰা বিজেপিৰ ৬৯গৰাকী, কংগ্ৰেছৰ ৪৯গৰাকী, এ আই এ ডি এম কেৰ ৩৫গৰাকী আৰু বি এছ পিৰ ১৮গৰাকী কোটিপতি প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে।


প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনঃ ৪১৩গৰাকী অপৰাধী, ৪৫০গৰাকী প্ৰাৰ্থী কোটিপতি...
কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰে নৱ শৰণীয়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in