/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/007197b9-9dca-40f4-a0c9-393c20117d8e/kioss.jpg)
ডিজিটেল ডেস্কঃ সংকটত কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ নৱ শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰ। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান কৰিছে যে, নৱ শৰণীয়াই জাতিগত যি প্ৰমাণ পত্ৰ দাখিল কৰিছিল সেৱা ভুৱা। জালিয়াতিৰে প্ৰমাণপত্ৰ প্ৰস্তুত কৰি দাখিল কৰা বুলি উল্লেখ হাইকৰ্টৰ।
ইয়াৰ লগে লগে কোকৰাঝাৰ লোকসভা সমষ্টিত শৰণীয়াই প্ৰাৰ্থিত্ব আগবঢ়াব নোৱাৰিব বুলি ১০০শতাংশ নিশ্চিত হৈছে। শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰা পাছতে কোকৰাঝাৰত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, বিগত প্ৰায় ১০বছৰ ধৰি কোকৰঝাৰত প্ৰতিনিধিত্ব কৰিছিল শৰণীয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us