ছত্তীশগড়ৰ সুকমাৰ চি আৰ পি এফ ঘাটিত স্থাপন কৰা হ'ল প্ৰথমটো মোৱাইল টাৱাৰ

বিগত বৰ্ষৰ জানুৱাৰী মাহত অৰ্ধসামৰিক বাহিনীয়ে ফৰৱাৰ্ড অপাৰেটিং বেছ স্থাপন কৰা প্ৰথম স্থানসমূহৰ ভিতৰত আছিল টেকুলাগুডেম। ২০২৪ চনৰ জানুৱাৰী মাহত জাগৰগুণ্ডা আৰক্ষী থানাৰ সীমাৰ অধীনত চি আৰ পি এফে টেকুলাগুডেম ফৰৱাৰ্ড অপাৰেটিং বেছ স্থাপন কৰিছিল।

author-image
Asomiya Pratidin
New Update
স্পৰ্শকাতৰ সুকমাত মোবাইল টাৱাৰ

স্পৰ্শকাতৰ সুকমাত মোবাইল টাৱাৰ

ডিজিটেল ডেস্ক: ছত্তীশগড়ৰ এখন খুবেই স্পৰ্শকাতৰ ঠাই হৈছে সুকমা জিলা। এই সুকমা জিলাত স্থাপন কৰা হ'ল অঞ্চলটোৰ প্ৰথমটো মোবাইল টাৱাৰ। দেওবাৰে চিআৰফিএফৰ বিষয়াসকলে জানিবলৈ দিয়ে এই কথা। হোলীত টেকুলাগুডেম গাঁৱত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ শিবিৰৰ ভিতৰত স্থাপন কৰা এই টাৱাৰটোৱে ভিতৰুৱা আৰু স্পৰ্শকাতৰ অঞ্চলটোৰ সৈতে চেলুলাৰ সংযোগ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

Advertisment

বিগত বৰ্ষৰ জানুৱাৰী মাহত অৰ্ধসামৰিক বাহিনীয়ে ফৰৱাৰ্ড অপাৰেটিং বেছ স্থাপন কৰা প্ৰথম স্থানসমূহৰ ভিতৰত আছিল টেকুলাগুডেম। এই টেকুলাগুডেমতে  মাওবাদী বিৰোধী অভিযান চলাইছিল আৰু ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ পৰা বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই) নিৰ্মূল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ অংশ হিচাপে স্থানীয় প্ৰশাসনক অঞ্চলটোত উন্নয়নমূলক কাম আৰম্ভ কৰাত সহায় কৰিছিল।

তেওঁ  লগতে কয় যে, এই গাঁওখন নক্সাল হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত সুকমা জিলাৰ অভ্যন্তৰীণ অঞ্চলত অৱস্থিত আৰু বাষ্টাৰ অঞ্চলৰ আন এখন এল ডব্লিউ ই প্ৰভাৱিত গাঁও বিজাপুৰৰ সৈতে সীমান্ত ভাগ কৰা হৈছে। ম’বাইল টাৱাৰটোৱে টেকুলাগুডেম আৰু ইয়াৰ কাষৰীয়া টিম্মাপুৰম, জোনাগুডা আৰু পুৱৰ্টি নামৰ গাঁৱৰ গাঁওবাসী আৰু নিৰাপত্তাৰক্ষীক অতি প্ৰয়োজনীয় চেলুলাৰ সংযোগ প্ৰদান কৰিব। এই মোবাইল টাৱাৰটোৰ চুইচসমূহ কাৰ্যকৰী কৰাৰ বাবে বি এছ এন এলৰ বিষয়াসকলে সুকমা মুখ্য কাৰ্যালয়ৰ পৰা ৰাজ্যৰ ৰাজধানী ৰায়পুৰ (প্ৰায় ৬০০ কিলোমিটাৰ) লৈকে যাত্ৰা কৰিছিল। হোলীৰ প্ৰাকক্ষণত গাঁওবাসীকো আমন্ত্ৰণ জনোৱা হয়। স্থানীয় ৰাইজক চিম কাৰ্ড বিতৰণ আৰু সক্ৰিয় কৰাৰ বাবে ১৩ মাৰ্চত এক বিশেষ শিবিৰ অনুষ্ঠিত কৰা হৈছিল বুলি তেওঁলোকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ২০২৪ চনৰ জানুৱাৰী মাহত জাগৰগুণ্ডা আৰক্ষী থানাৰ সীমাৰ অধীনত চি আৰ পি এফে টেকুলাগুডেম ফৰৱাৰ্ড অপাৰেটিং বেছ স্থাপন কৰিছিল। চি আৰ পি এফৰ ঘাটিটো স্থাপন কৰাৰ দিনটোতে বাহিনীটোৱে তিনিজন জোৱান হেৰুৱাছিল। আহত হৈছিল ১৫ জন চি আৰ পি এফ জোৱান। 

BSNL Chhattisgarh, CRPF mobile tower