অসম-মেঘালয় সীমান্তৱৰ্তী বটেৰতলত চলন্ত বাহনত অগ্নিকাণ্ড

হাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্তৱৰ্তী বটেৰতলত চলন্ত বাহনত অগ্নিকাণ্ড সংঘটিত হয় । খেৰভৰ্তি পিক আপ ভান এখন হঠাতে জ্বলি উঠে। উক্ত ঘটনাত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাহনখন ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃহাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্তৱৰ্তী বটেৰতলত চলন্ত বাহনত অগ্নিকাণ্ড সংঘটিত হয় । খেৰভৰ্তি পিক আপ ভান এখন হঠাতে জ্বলি উঠে। উক্ত ঘটনাত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাহনখন ।

উল্লেখযোগ্য যে কোনোমতে বাহনৰ পৰা জাঁপ মাৰি প্ৰাণ ৰক্ষা কৰে চালক আৰু বাহনখনৰ হেণ্ডিমেনে।দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে যদিও বাহনখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে ।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ এতিয়ালৈ উদঘাটন কৰিব পৰা নাই। উক্ত ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অসম আৰু মেঘালয় উভয় ৰাজ্যৰ আৰক্ষী প্ৰশাসন।

অগ্নিকাণ্ড অসম-মেঘালয় হাটশিঙিমাৰী