/asomiyapratidin/media/media_files/2024/12/21/MrNBdyngFE4YCivedDAm.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । চিলাপথাৰ নগৰৰ ষ্টেচন পথত শনিবাৰে দুপৰীয়া আকস্মিকভাৱে জ্বলি উঠিল কেইবানো দোকান আৰু গুডাম ঘৰ।
উল্লেখ্য যে এটা মাহৰ পূৰ্বেও জ্বলি ছাঁই হৈছিল চিলাপথাৰ-লিকাবালি পথৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। এইবাৰ পুনৰ জ্বলিল ষ্টেচন পথৰ কেইবাটাও দোকানৰ লগতে বিশাল বিশাল গুডাম ঘৰ।
মূহুৰ্তৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰি ছাঁইত পৰিণত কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন। অগ্নিকাণ্ডত ভস্মীভূত হয় বহু মূল্যবান সামগ্ৰী।
চিলাপথাৰ,লিকাবালিৰ লগতে ধেমাজিৰ পৰা অহা অগ্নিনিৰ্বাহক বাহিনীয়ে ৰাইজৰ সহযোগত জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও বচাব পৰা নগ'ল এপদো বয়-বস্তু।
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই । প্ৰায় এটা মাহৰ পূৰ্বে চিলাপথাৰৰ-লিকাবালি পথটো সংঘটিত হৈছিল অনুৰূপ ঘটনা। কোটি টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত হৈছিল এই ঘটনাত।
এনেধৰণৰ ধাৰাবাহিক অগ্নিকাণ্ডৰ ঘটনাই ৰাইজক বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে।