বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল সাংসদ ৰকিবুল হুছেইনৰ

বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল সাংসদ ৰকিবুল হুছেইনৰ

author-image
Asomiya Pratidin
New Update
বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল সাংসদ ৰকিবুল হুছেইনৰ

ডিজিটেল সংবাদ, নগাঁও: ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সাংসদ ৰকিবুল হুছেইনে। মঙলবাৰে দুপৰীয়া সাংসদ হুছেইনে নগাঁও সদৰ থানাত বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে সাংসদ হুছেইনৰ বিবৃতি গ্ৰহণ কৰে।

Advertisment

নগাঁৱৰ এখন অভিযাত হোটেলত আয়োজিত এক বিজেপিৰ সভাত বিধায়ক জিতু গোস্বামীয়ে ৰকিবুল হুছেইনৰ বিৰুদ্ধে মন্তব্য কৰিছিল। ৮ ছেপ্তেম্বৰৰ দলীয় সভাত চামগুৰি সমষ্টিৰ আৰক্ষী বিধায়কজনৰ কথাত পৰিচালিত হয় বুলি মন্তব্য কৰাৰ লগতে সভাখনত চামগুৰিত কৰ্তব্যৰত বিষয়াসকলেও বিধায়কজনৰ নিৰ্দেশত কাম কৰে বুলি উল্লেখ কৰিছিল। ভৱিষ্যতে ৰকিবুল হুছেইনক চামগুৰিত প্ৰৱেশ বন্ধ কৰি দিব বুলিও বিধায়ক জিতু গোস্বামীয়ে মন্তব্য কৰিছিল। এই ঘটনাৰ পিছতে সাংসদ হুছেইনে বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

Also Read: ড০ ভূপেন হাজৰিকাৰ গীতৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ অনুদিত গ্ৰন্থ উন্মোচন

JITU GOSWAMI rakibul hussain