ড০ ভূপেন হাজৰিকাৰ গীতৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ অনুদিত গ্ৰন্থ উন্মোচন

ড০ ভূপেন হাজৰিকাৰ গীতৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ অনুদিত গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
ড০ ভূপেন হাজৰিকাৰ গীতৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ অনুদিত গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটী: বিশ্ববিশ্ৰুত শিল্পী, ভাৰতৰত্ন, সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ১৩০টা গীত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত অনুদিত সংকলন ‌"মানু এতাই মানুৰ সালে" (মানুহে মানুহৰ বাবে) যোৱা ৮ ছেপ্টেম্বৰত ড০ ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক ওপজা দিনৰ স'তে সংগতি ৰাখি ‌শুভ-উন্মোচন‌‌ কৰে। সূদুৰ‌ বেংগালুৰুৰ শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজৰ অসমীয়া নামঘৰৰ বাকৰিত অসমৰ বিশিষ্ট কবি, গীতিকাৰ, সাহিত্যিক পেন্সনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহই অনুদিত কৰা গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ‌ কুমাৰ দেৱচৌধুৰীয়ে।

Advertisment

উন্মোচক চৌধুৰীয়ে ভূপেন হাজৰিকাৰ গীত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত অনুবাদ কৰি‌ সিংহই এক মাইলৰ খুঁটি প্ৰতিষ্ঠা কৰিলে বুলি কয়। অসম সাহিত্য সভাৰ বেংগালুৰু শাখা, শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজ, সাহিত্য চৰ্চা কেন্দ্ৰৰ যৌথ সৌজন্যত আয়োজন কৰা সভাত সভাপতিত্ব কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে। সভাত বিশিষ্ট কন্ঠশিল্পী ড০ অনিমা চৌধুৰী, ড০ শংকৰ পাটোৱাৰী, গুৰমাইল সিং, ডা : শৰৎ ৰাভা, যোগানন্দ মহন্ত আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশ লয়। দিলস্ লক্ষ্মীন্দ্ৰ সিংহই নিজস্ব বক্তব্য দাঙি ধৰি ভূপেনদাৰ প্ৰতি থকা ভালপোৱা, শ্ৰদ্ধাৰ বিষয়ে সাৱলীলভাৱে দাঙি ধৰে।

Also Read: জামুগুৰিহাটৰ আগ্ৰিপামত গো মাংস সহ সৰবৰাহকাৰী আটক

book published