ড°শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ অচলাৱস্থাৰ অন্ত...

প্ৰতিবাদী ছাত্ৰ ছাত্ৰীয়ে স্থগিত ৰাখিলে ধৰ্ণা কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
ড°শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ৰ অচলাৱস্থাৰ অন্ত...

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ হাব্ৰুবাৰীস্থিত ড°শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ত সোমবাৰৰ পৰা সৃষ্টি হোৱা অচলাৱস্থাৰ আজি অন্ত পৰে । মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে কালিৰে পৰা অব্যাহত ৰখা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী অৱশেষত মঙলবাৰে বি টি আৰৰ ভাৰপ্ৰাপ্ত মুখ্য সচিব নৰেন চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত যোৱা এটা উচ্চস্তৰীয় দলৰ সতে হোৱা আলোচনা মৰ্মে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে ৷

Advertisment

মূলতঃ ছাত্ৰ -ছাত্ৰীৰ প্ৰতিবাদত সেও মানি বি টি আৰ প্ৰশাসনে ধনাত্মক সিদ্ধান্তৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী স্থগিত ৰাখে আৰু ইয়াৰ লগে লগেই মহাবিদ্যালয়খনত কালিৰে পৰা অব্যাহত থকা অচলাৱস্থাৰ আজি অন্ত পৰে বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, মহাবিদ্যালয়খনৰ অধ্যক্ষা লাৰলী ব্ৰহ্মৰ মইমতালি আৰু খাম-খেয়ালীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ - ছাত্ৰীসকলে ৷ অধ্যক্ষা লাৰলী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰি ছাত্ৰ ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অধ্যক্ষাক অপসাৰণৰ দাবী তুলিছিল ৷

আনকি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ সময়ছোৱাত অধ্যক্ষাসহ মহাবিদ্যালয়খনৰ আন শিক্ষক - শিক্ষয়িত্ৰী সকলকো মহাবিদ্যালয়ত প্ৰবেশ কৰাত বাধা আৰোপ কৰিছিল প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে ৷ অধ্যক্ষা ব্ৰহ্মক অপসাৰণ নকৰালৈকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছিল ছাত্ৰ ছাত্ৰী সকলে ৷

ইয়াৰ পিছতে বি টি আৰৰ ভাৰপ্ৰাপ্ত মুখ্য সচিব নৰেন চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত বি টি আৰ প্ৰশাসনৰ উচ্চস্তৰীয় দল এটাই আজি সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ত উপস্থিত হয় । দলটোৱে মহাবিদ্যালয়খনৰ প্ৰকৃত অৱস্থাৰ বুজ লয় । মহাবিদ্যালয়খনৰ হোষ্টেল , শ্ৰেণীকোঠাও পৰিদৰ্শন কৰে উচ্চস্তৰীয় দলটিয়ে । পৰিদৰ্শনৰ অন্তত উচ্চস্তৰীয় দলটিয়ে অসন্তুষ্টি প্ৰকাশ কৰে।

ইয়াৰ পাছতে দলটোৱে প্ৰতিবাদী ছাত্ৰ -ছাত্ৰীৰ সতে আলোচনাত অংশগ্ৰহণ কৰে ৷ আলোচনাৰ অন্তত বি টি আৰৰ ভাৰপ্ৰাপ্ত প্ৰধান সচিব বসুমতাৰীয়ে বিষয়টো বি টি আৰ প্ৰধান প্ৰমোদ বড়োক অৱগত কৰা হৈছে বুলি সদৰী কৰে ৷ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষাৰ অপসৰণৰ দাবীসহ আন সমস্যা সমাধান সন্দৰ্ভত আজি নিশাৰ ভিতৰতে ধনাত্মক সিদ্ধান্তৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখে।

প্ৰতিবাদী ছাত্ৰ ছাত্ৰী
প্ৰতিবাদী ছাত্ৰ ছাত্ৰী

উল্লেখ্য যে, ড°শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষা গৰাকীক অপসাৰণ কৰাৰ দাবীত অটল হৈ থকা আৰু উক্ত দাবীৰ প্ৰতি এবছুৱে সমৰ্থন জনোৱাৰ পিছতে বি টি আৰৰ ভাৰপ্ৰাপ্ত প্ৰধান সচিব নৰেন চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত উচ্চস্তৰীয় দলটোৱে মহাবিদ্যালয় পৰিদৰ্শন কৰাত মহাবিদ্যালয়খনৰ অধ্যক্ষা লাৰলী ব্ৰহ্মক অপসাৰণ কৰাৰ সম্ভাৱনা বৃদ্ধি পালে বুলি চৰ্চিত হৈছে ৷

আৰু পঢ়কঃ ঢকুৱাখনাত ত্ৰিবেণী গ্রাম্য সংগঠনৰ সজাগতা ৰেলী...

assam btr kokrajhar