/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/95aca2db-0468-4a7d-a72b-81d7f100198b/rally.jpg)
সজাগতা ৰেলী
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাত ত্ৰিবেণী গ্রাম্য সংগঠনৰ সজাগতা ৰেলী। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ঢকুৱাখনা উন্নয়ন খণ্ডৰ শিঙিয়া, উত্তৰ ঢকুৱাখনা আৰু ধেনুখনা-বাটমাৰী পঞ্চায়তৰ ত্ৰিবেণী মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত "লিংগ বৈষম্যমূলক হিংসাৰ বিলুপ্তি"ৰ দাবীত মঙ্গলবাৰে সন্ধিয়া উলিওৱা হয় এক সজাগতামূলক সমদল।
ত্ৰিবেণী মণ্ডল পৰ্যায়ৰ বিষয়ববীয়া নৱনীতা দেৱী ,স্মৃতি কোঁচ,জ্যোতি দত্তৰ নেতৃত্বত , নিলামনী শইকীয়া,শেৱালী ভৰালী ,মাধৱী বড়া, প্ৰতিভা দাস ,বিনিমাই বৰুৱা ,নিজু কোঁচ ,নমিতা বৰুৱা , ৰেখা দাস আদিৰ সহযোগত গোবিন্দপুৰ চাৰি আলিৰ পৰা কমাৰ গাঁও পৰ্যন্ত শতাধিক মহিলাই নাৰী নিৰ্যাতন নচলিব,যৌতুক প্ৰথা বন্ধ কৰক,আৰু কিমান সহ্য কৰিম -এইবাৰ আমি মাত মাতিম,ল'ৰা -ছোৱালীৰ মাজত বিভেদ নানিব, সকলোৱে জন্মত সমানে আনন্দ কৰক,বাল্য বিবাহ বন্ধ কৰক,নাৰীক উচ্চ শিক্ষা প্ৰদান কৰক আদি বিভিন্ন দাবী সম্বলিত শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে।
সুদীর্ঘ সময় ধৰি ৰাজপথ উত্তাল কৰি পৰৱৰ্তী সময়ত জন সজাগতা সৃষ্টি কৰি সমদলৰ সফল সামৰণি মাৰে ।
আৰু পঢ়কঃ বহিঃৰাজ্যত ডাম্পাৰে মহতিয়াই নিলে অসমৰ ৩ যুৱককঃ তিনওজনৰে থিতাতে মৃত্যু...