প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতে ২ লাখ কোটি টকা ৰাহি কৰিছে: বিত্ত মন্ত্ৰী

প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতে ২ লাখ কোটি টকা ৰাহি কৰিছে: বিত্ত মন্ত্ৰী

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে ডিবিটি(Direct Benefit Transfer )ৰ দৰে প্ৰণালীৰ দ্বাৰা প্ৰযুক্তি ব্যৱহাৰ কৰি ২ লাখ কোটি টকা ৰাহি কৰিছে।

ডিজিটেল ডেস্ক: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে ডিবিটি(Direct Benefit Transfer )ৰ দৰে প্ৰণালীৰ দ্বাৰা প্ৰযুক্তি ব্যৱহাৰ কৰি ২ লাখ কোটি টকা ৰাহি কৰিছে। দট্টোপন্ত থেঙ্গাদি গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।

তেওঁ কয় যে, প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে আমি ২ লাখ কোটি টকা ৰাহি কৰিছো। ডিবিটিৰ অধীনত ধন পোনপটীয়াকৈ একাউন্টত পঠাব পাৰি। ইয়াত কোনো প্ৰৱঞ্চনাৰ সম্ভাৱণাও নাই। কাৰণ আধাৰ কাৰ্ডৰ লগতে অন্য তথ্য়ৰ সৈতে একাউন্টৰ সত্যাসত্যৰ প্ৰমাণ থাকে। তেওঁ কয় যে কংগ্ৰেছৰ শাসনকালত মৃত, অস্তিত্বহীন ব্যক্তিৰ একাউণ্টলৈ ধন সোমাই গৈছিল।

অন্যহাতে জলবায়ু পৰিবৰ্তনৰ ওপৰত মন্তব্য কৰি তেওঁ কয় যে উন্নত দেশবোৰে ঔদ্যোগিক বিপ্লৱ আৰম্ভ হোৱাৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য প্ৰদূষক নিৰ্গত কৰি আহিছে। কিন্তু যেতিয়া ভাৰতৰ দৰে দেশে আগবাঢ়িবলৈ চেষ্টা কৰিছিল, তেওঁলোকে কৈছিল" কাৰ্বন নিৰ্গত কৰিব নালাগে, নিয়ন্ত্ৰণ কৰিব লাগে। তেওঁ কয় যে ভাৰত জলবায়ু পৰিৱৰ্তনৰ বিষয়ে চিন্তিত। কিয়নো ই আমাৰ সকলোকে প্ৰভাৱিত কৰে।

আৰু পঢ়ক;যোৰহাট কাণ্ডৰ লগত জড়িত আন এজনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in