Advertisment

চিলাপথাৰত তাকাম দাৰিগ অপৃনৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

তাকাম দাৰিগ অপৃন কেবাং চমুকৈ TDOK'ৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱস ধেমাজি জিলাৰ চিলাপথাৰৰ চিলাসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰ্চি মাজৰবাৰী গাৱঁত দিনজোৰা কাৰ্যক্ৰমণিকাৰে পালন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
00

ডিজিটেল সংবাদ, চিলাপথাৰঃ তাকাম দাৰিগ অপৃন কেবাং চমুকৈ TDOK'ৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱস ধেমাজি জিলাৰ চিলাপথাৰৰ চিলাসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰ্চি মাজৰবাৰী গাৱঁত দিনজোৰা কাৰ্যক্ৰমণিকাৰে পালন কৰা হয় । অনুষ্ঠানত ৫২ জনীয়া কেন্দ্ৰীয় সমিতিৰ সমূহ কৰ্মকৰ্তাৰ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

Advertisment

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত পোনতে উদযাপন সমিতিৰ সভাপতি গুনাধৰ দাৰিদ্ৰৰ নেতৃত্বত সামূহিক চাফাই কাৰ্যসূচী অনুষ্ঠিত হয় । সমান্তৰালভাৱে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা প্ৰতিনাথ দাৰিকে বৃক্ষ ৰোপন, কেন্দ্ৰীয় সমিতিৰ সম্পাদক মনোজ দাৰিগে স্মৃতি তৰ্পণ,কেন্দ্ৰীয় সমিতিৰ সভাপতি বৈদ্যনাথ দাৰিগে পতাকা উত্তোলন কৰাৰ পিছতে আৰম্ভ হয় মুকলি সভা। 

কেবাঙৰ সভাপতিৰ সঞ্চালনাত আৰু সহকাৰী সম্পাদক বাবুল দাৰিগে আঁত ধৰা সভাত অপৃনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। লাইমেকুৰী অমৰপুৰ বৰঘুলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱকান্ত দাৰিগ, জ’নাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৰমানন্দ দাৰিগ,কাশীনাথ সৰ্ব্বোদয় হাইস্কুলৰ সহকাৰী শিক্ষক গুণাধৰ দাৰিগ,শিৱসাগৰ জিলাৰ দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত মামল গড়-ভগা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বৈদ্যনাথ দাৰিগ,লামা-বৰগড়া গাৱঁৰ নিবাসী ও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতিনাথ দাৰিগকে আদি কৰি কেইবাজনো লোকক সম্বৰ্ধনা জনোৱা হয় ।

ইয়াৰ পিছত কাৰ্যসূচী অনুসৰি টাকাম দাৰিগ অৗৰাং কৗবাঙৰ উৎপত্তি আৰু ভৱিষ্যতে ল'ব লগা কাৰ্যপন্থা সম্পৰ্কৰ আলোচনা চক্ৰ আৰম্ভ হয়। ফণীধৰ দাৰিগে আঁত ধৰা অনুষ্ঠানত ডাৰিগ বংশৰ উৎপত্তি আৰু ভৱিষ্যত কাৰ্য্যপন্থা সন্দৰ্ভত বিস্তৃতভাৱে উপস্থিত ৰাইজৰ আগত ব্যাখ্যা দাঙি ধৰে ৷  সভাত নিৰ্দিষ্ট বক্তা হিচাপে চমকং লামাজান গাৱঁৰ মোৰেই য়ামেং(বোৱাৰী)সম্পৰ্কীয় ববিতা পাংগিঙক দাৰিগে নিৰ্দিষ্ট বক্তাৰ ভাষণত ৰাইজক উদ্দেশ্যি বিভিন্ন ধৰণৰ গঠনমূলক বক্তব্যৰ ৰখাৰ উপৰিও ভৱিষ্যতে বংশৰ কৰণীয়সমূহ কেনে হ’ব লাগে তাৰ ওপৰত সবিশেষ মন্তব্য ৰাখি বহুমূলীয়া বক্তব্য ৰাখে ৷ 

ইয়াৰ পিছত মুখ্য অতিথি হিচাপ আমন্ত্ৰণ কৰা জ’নাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰমানন্দ দাৰিগে ভাষণ প্ৰসংগত ডাৰিগ বংশৰ ইতিবৃত্ত সম্পৰ্কত বিস্তৃতভাৱে বহলাই ডাঙি ধৰে ৷ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি স্থানীয় কণ্ঠশিল্পী আৰু অনাতাঁৰ শিল্পীসকলে গীত-পৰিবেশনেৰে জীপাল কৰি তোলে পৰিৱেশ।

চিলাপথাৰ