মেছিৰ অন্তিম খন খেল! ফুটবলপ্ৰেমীক দি গ'ল চিৰস্মৰণীয় উপহাৰ...

অপেক্ষাৰ অন্ত পেলাই আৰ্জেন্টাই জয় লাভ কৰিছে ফিফা বিশ্বকাপ ২০২২ত। ফুটবল প্ৰেমীৰ বাবে আজিৰ এই খেলখন আছিল অতি গুৰুত্বপূৰ্ণ।
মেছিৰ অন্তিম খন খেল! ফুটবলপ্ৰেমীক দি গ'ল চিৰস্মৰণীয় উপহাৰ...

ডিজিটেল ডেস্ক: অপেক্ষাৰ অন্ত পেলাই আৰ্জেন্টাই জয় লাভ কৰিছে ফিফা বিশ্বকাপ ২০২২ত। ফুটবল প্ৰেমীৰ বাবে আজিৰ এই খেলখন আছিল অতি গুৰুত্বপূৰ্ণ। কিয়নো আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা আজিৰে পৰা বিদায় ল'লে মেছীয়ে

আৰ্জেন্টিনাৰ ফুটবলাৰ লিয়নেল মেছি, যাক কোৱা হয় মাৰাডোনাৰ উত্তৰসূৰী বুলি । তেওঁ এই নামৰ মান ৰাখিলে। তেওঁৰ অন্তিমখন বিশ্বকাপৰ খেলত অনুৰাগীক দিলে বিশেষ উপহাৰ।

বিশ্বৰ কোটি কোটি ক্ৰীড়াপ্ৰেমীয়ে বিচাৰে আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত অন্তিম খন খেলত অন্তত: বিশ্বকাপৰ ট্ৰ'ফীটো দাঙি ধৰক মেছিয়ে । যি ফুটবলক অতবৰ্ষৰ পৰা মেছিয়ে দিলে নিজৰ সৰ্বস্ব । সেই ফুটবলৰ পৰা যেন মেছিয়ে বিদায় লওক সতীৰ্থ খেলুৱৈৰ কান্ধত উঠি ট্ৰ'ফীটো দৰ্শকৰ ফালে আগুৱাই দি ।

এই আশা পূৰ্ণ হ'ল। অন্তিম খন খেলত মেছিয়ে হাতত তুলি ল'ব পাৰিলে বিশ্বকাপৰ খিতাপ। আজিৰ এই দিনটোৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ বিশ্ববাসী।

আজিৰ পৰা ১৯ বছৰ পূৰ্বে স্পেইনৰ অন্যতম ক্লাব বাৰ্ছিলোনাৰ হৈ জ্যেষ্ঠ দলটোত জীৱনৰ প্ৰথমখন খেলত অৱতীৰ্ণ হৈছিল মেছি । তেতিয়াৰ পৰাই নিজৰ যাদুৰে বিশ্ববাসী তথা ফুটবল প্ৰেমীৰ মন মুহি আহিছে।

নীলা আচঁ পৰা জাৰ্ছীটোৰ সৈতে মেছিক পাহৰিব নোৱাৰে ফুটবল প্ৰেমীয়ে। ফ্ৰান্সৰ দুৰ্দান্ত প্ৰদৰ্শনত নেওচি মেছিবাহিনীয়ে ইতিহাসত লিপিবদ্ধ কৰিলে নিজৰ নাম।

দক্ষিণ আমেৰিকাৰ বাবে ফুটবল হৈছে এক ধৰ্ম । এই ধৰ্মৰ উন্মাদনাত বন্দী সমগ্ৰ বিশ্ব । আৰ্জেন্টিনাৰ প্ৰতিবাদী কন্ঠ ছে' গুৱেভাৰাই বিশ্ব ভ্ৰমণ কৰিবলৈ আহি মেক্সিকোৰ কয়লা খনিৰ শ্ৰমিকৰ শিশুৰ সৈতে খেলিছিল ফুটবল, শীতৰ ৰাতি হীমশিতল নৈ পাৰ হৈ কুষ্ঠ ৰোগীৰ সৈতে খেলিছিল ফুটবল । মাৰাডোনাই জীৱনৰ অন্তিম মূহুৰ্তলৈ ষ্টেডিয়ামত উপভোগ কৰি গ'ল আৰ্জেন্টিনাৰ খেল । ব্ৰাজিলত শিশু এটিয়ে খোজ কাঢ়িব পৰা হোৱাৰ পৰাই লঠিয়াবলৈ আৰম্ভ কৰে ফুটবল ।


এনে এখন দেশৰ পৰাই আগবাঢ়ি আহিছিল এজন যাদুকৰ । যি বিগত ১৯ বছৰে সন্মোহিত কৰি ৰাখিলে সমগ্ৰ বিশ্বক । আজি আজি এই বিদায় ক্ষণতো দি গ'ল সৰ্বশ্ৰেষ্ঠ উপহাৰ।

আৰু পঢ়ক: সাক্ষী হৈ ৰ'ল বিশ্ববাসী! ফিফা বিশ্বকাপত জয় লাভ আৰ্জেন্টিনাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in